Assam cabinet meeting: শুক্ৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ১০জুন: শুক্ৰবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক। জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় মন্ত্ৰীসভাৰ বৈঠকখন(Assam cabinet meeting)।। বৈঠকত কেইবাটাও দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বাবেও উল্লেখ্যযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয়(Assam cabinet meeting)।
কেবিনেটত ঘোষণা কৰে যে,’অলিম্পিক ভেলু অব এক্সচেলেন্স’কাৰ্ষসূচী গ্ৰহণ কৰিব চৰকাৰে। ইয়াৰ যোগেদি মহানগৰীৰ আশে পাশে থকা প্ৰায় ২৫০ খন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত আৰম্ভ হ’ব বিশেষ ক্ৰীড়াৰ প্ৰশিক্ষণ (Olympic Value of education)। ক্ৰীড়াৰ ক্ষেত্ৰত অধিক বিকাশৰ বাবে ২০২৪-২০২৭ বৰ্ষৰ ভিতৰত প্ৰায় ৬ কোটি ব্যয়ৰে অভিনৱ বিন্দ্ৰা ফাউণ্ডেচন ট্ৰাষ্টৰ সৈতে বুজাবুজিৰ চুক্তি কৰি অসমৰ যৌথভাৱে কাম কৰিব।
আনহাতে ‘ৰাইট টু পাব্লিক চাৰ্ভিচ এক্ট’ৰ আধ্যাদেশ ২০২৩ক অনুমোদন কৰিছে হিমন্ত কেবিনেটে ৷ ইয়াৰ দ্বাৰা ৰাজ্যত নতুনকৈ Right to Public Service Commission গঠন কৰা হ’ব ৷ চৰকাৰী কৰ্মৰ বিষয়াৰ গাফিলতি দাখিল কৰিব পৰাকৈ গঠন হ’ব আয়োগ। এই আয়োগৰ যোগেদি অসমৰ যিকোনো নাগৰিকে চৰকাৰী সুবিধা, অধিকাৰ আদি লাভ কৰাৰ ক্ষেত্ৰত অসুবিধা পালে অভিযোগ দাখিল কৰিব পাৰিব ৷ কোনো বিষয়াই এইক্ষেত্ৰত ইচ্ছাকৃতভাৱে গাফিলতি কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আয়োগে ৷ এই আয়োগে প্ৰয়োজনত অভিযুক্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে জৰিমণাও বিহিব পাৰিব ৷ এই আয়োগত এজন অধ্যক্ষ আৰু দুজন আয়ুক্ত থাকিব ৷ নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আয়োগে কাম কৰিব ৷
‘আসাম ESIC ডাক্তৰ ছাৰ্ভিচ -২০২০’ৰ সংশোধনীৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায় ৷ ইয়াৰ যোগেদি প্ৰশাসনীয় চিকিৎসক বিষয়াৰ পদোন্নতিৰ ক্ষেত্ৰত অভিজ্ঞতাৰ সময় হ্ৰাস কৰাৰ সিদ্ধান্ত। অভিজ্ঞতাৰ সময় ৫ বছৰৰ পৰা ২ বছৰলৈ হ্ৰাস কৰাৰ প্ৰয়াস।চৰকাৰী আঁচনিৰ ক্ষেত্ৰত হোৱা অনিয়ম ৰোধৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা ৷
কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা DBT ব্যৱস্থাৰ যোগেদি সকলো চৰকাৰী আঁচনিৰ বাবে এক ডিজিটেল প্লেটফৰ্ম তৈয়াৰ কৰা হ’ব ৷ ইয়াৰ যোগেদি সকলো হিতাধিকাৰীৰ সমূহ তথ্য উল্লেখ থাকিব এই ব্যৱস্থাত ৷ এই Digital Infrastructure for DBT Schemesৰ যোগেদি প্ৰকৃত হিতাধিকাৰীসকলক চিনাক্তকৰণত সহায়ক হ’ব ।
শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটে বিহুৰ বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা-বিহুৱতীসকলৰ বাবে আনিছে সুখবৰ (Bihu world record)৷ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্রহণকাৰীক প্ৰদান কৰা হ’ব মাননি। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিহুৱতী আৰু ঢুলীয়াক দিয়া হ’ব ২৫ হাজাৰকৈ টকা । প্রতিখন জিলাত সভা অনুষ্ঠিত কৰি প্রদান কৰা হ’ব আৰ্থিক অনুদান আৰু মানপত্র । । আনহাতে সংৰক্ষিত হিচাপে থাকি যোৱা বিহুৱা-বিহুৱতীসকলক ১০ হাজাৰ টকাকৈ দিয়া হ’ব । মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে প্ৰদান কৰিব মাননি আৰু প্ৰমাণ-পত্ৰ ৷
আনহাতে অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (200 years of Assam tea) ৷ অহা তিনি বছৰলৈ অসমৰ চাহৰ কৃষি কৰ ৰেহাই দিয়া হৈছে ৷ সেইদৰে ৰাজ্যত নতুনকৈ আৰম্ভ হ’বলগীয়া ১৮ খন আদৰ্শ বিদ্যালয় আৰু চাহ বাগিচাৰ ১৯ খন আদৰ্শ বিদ্যালয় ১৯ জুন আৰু ২০ জুনত মুকলি কৰা হ’ব । সকলো মন্ত্ৰীয়ে জিলাই জিলাই মুকলি কৰিব আদৰ্শ বিদ্যালয়সমূহ । দুদিনত একেলগে এই ৩৭ খন বিদ্যালয় মুকলি হ’ব ।
লগতে পঢ়ক : IMD Forecast Biparjoy: অধিক তীব্ৰতৰ হ’ব বিপাৰজয় ঘূৰ্ণীবতাহ