Local, Vocal, Global

Anti Collision System For Trains: কৱচ, ৰেলৰ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰা এক সংঘৰ্ষ-বিৰোধী ব্যৱস্থা

নিউজ ডেস্ক, ৪ জুন: ওড়িশাৰ বালাশ্বৰত সংঘটিত তিনিখন ৰে’লৰ সংঘৰ্ষত কমেও ৩০০ গৰাকী লোকৰ প্ৰাণহানি হোৱাৰ লগতে প্ৰায় ৯০০ গৰাকী লোক আহত হৈছে (Collision between three trains in Odisha) । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ ৰেলগাড়ীখনে এখন মালবাহী ট্ৰেইনত খুন্দা মৰাৰ পূৰ্বে ৰেলপথৰ পৰা লাইনচ্যুত হয় (Coromandel Shalimar Express derailed) । ইয়াৰ পিছতে আন এখন যাত্ৰীবাহী ৰে’ল, য়ছৱন্তপুৰ-হাউৰা ছুপাৰফাষ্ট (Yesvantpur-Howrah Superfast) ৰে’লখনে ৰেলপথৰ পৰা লাইনচ্যুত হোৱা ডবাবোৰৰ খুন্দা মাৰে ।

ৰে’লৰ মাজত সংঘটিত এনে ধৰণৰ সংঘৰ্ষ ৰোধ কৰিবলৈ ভাৰতীয় ৰে’ল বিভাগে “কৱচ” নামৰ থলুৱাভাৱে নিৰ্মিত স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা ব্যৱস্থা(Automatic Train Protection) আৰম্ভ কৰিছিল । চলন্ত ৰে’লৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে এই ব্যৱস্থা প্ৰস্তুত কৰা হৈছিল (Safety and efficiency of running trains) । অৱশ্যে ওড়িশাৰ ৰেলপথত ‘কৱচ’উপলব্ধ নাছিল ।

কৱচ কি হয় (What is Kavach)?

কৱচ, যাৰ অৰ্থ হৈছে “শূন্য দুৰ্ঘটনা”ৰ বাবে নিৰ্মাণ কৰা এক সংঘৰ্ষ-বিৰোধী ব্যৱস্থা (Anti Collision System For Trains) । এই ব্যৱস্থাক দেশৰ Research Design and Standards Organisation(RDSO)য়ে প্ৰস্তুত কৰিছিল । ভাৰতীয় ৰে’ল বিভাগৰ মতে, ই হৈছে স্বয়ংক্ৰিয় ৰে’লক সংঘৰ্ষৰ পৰা ৰক্ষা কৰিব পৰা আটাইতকৈ কম খৰচী এটা সুৰক্ষা ব্যৱস্থা । এই প্ৰযুক্তিটো ছেফটি ইন্টিগ্ৰিটি লেভেল ৪ (SIL-4) প্ৰমাণিত সৰ্বোচ্চ প্ৰমাণীকৰণ স্তৰ(Safety Integrity Level 4) । অৰ্থাৎ ১০ হাজাৰ বছৰৰ ভিতৰত কৱচৰ দ্বাৰা মাত্ৰ এটা ভুল হোৱাৰহে সম্ভাৱনা আছে ।

ৰে’ল সংঘৰ্ষ প্ৰতিৰোধী এই ব্যৱস্থাটোৰ পৰিচালনা ব্যয় প্ৰতি কিলোমিটাৰত ৫০ লাখ টকা, যি অন্য ৰাষ্ট্ৰত ব্যৱহৃত এনে প্ৰযুক্তিৰ ব্যয়তকৈ যথেষ্ট কম (Operation cost of anti collision system)।

কৱচে কেনেকৈ কাম কৰে (How does Kavach work) ?

কৱচে উচ্চ কম্পনাংকৰ ৰেডিঅ’ ৱেভৰ জড়িয়তে যোগাযোগৰ ব্যৱস্থা (High frequency radio communication) কৰে আৰু সংঘৰ্ষ প্ৰতিহত কৰিবলৈ ৰেলৰ চলাচলৰ নিৰন্তৰ আপডেটৰ সিদ্ধান্তত কাম কৰে । যদি চালকে ৰে’লখন নিয়ন্ত্ৰণ কৰাত বিফল হয়, তেতিয়া এই ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে ৰে’লখনৰ ব্ৰেক সক্ৰিয় কৰি তুলে । প্ৰণালীটোৰ সৈতে সজ্জিত দুটা ইঞ্জিনৰ মাজত হ’ব পৰা সংঘৰ্ষ ৰোধ কৰিবৰ বাবে কৱচে ব্ৰেক প্ৰয়োগ কৰে ।

আৰ.এফ.আই.ডি. টেগবোৰ ট্ৰেকত আৰু ষ্টেচন য়াৰ্ডত স্থাপন কৰা হয় (RFID tags are placed on tracks and station yard) যাতে ট্ৰেক চিনাক্তকৰণৰ লগতে ৰে’লখনৰ স্থান আৰু ইয়াৰ দিশ নিৰ্ণয়ৰ বাবে সংকেত দিব পাৰে । যেতিয়া ব্যৱস্থাটো সক্ৰিয় হয় তেতিয়া ৫ কিলোমিটাৰৰ ভিতৰত থকা সকলোবোৰ ৰে’ল ৰৈ দিব, যাতে কাষৰ ট্ৰেকেৰে নিৰ্দিষ্ট ৰে’লখন নিৰাপদে পাৰ হৈ যাব পাৰে । অন ব’ৰ্ড ডিচপ্লে অৱ চিগনেল এস্পেক্ট (OBDSA)-এ লোকো পাইলটসকলক বেয়া বতৰৰ বাবে দৃশ্যমানতা কম হ’লেও চিগনেলসমূহ চোৱাত সহায় কৰে (On Board Display of Signal Aspect) । সাধাৰণতে লোকো পাইলটসকলে সংকেতবোৰ চিনাক্ত কৰিবলৈ খিৰিকীৰে বাহিৰলৈ চাবলগীয়া হয় ।

বৰ্তমানলৈ কৱচৰ পৰীক্ষা কৰা হৈছে নেকি (Has Kavach been tested) ?

কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ ভিতৰত কৱচৰ অধীনলৈ ২০০০ কিলোমিটাৰ ৰেল নেটৱৰ্ক অনাৰ পৰিকল্পনা কৰিছিল (Rail network under Kavach) । ইয়াৰ লক্ষ্য হৈছে যে এই ব্যৱস্থাই প্ৰায় ৩৪ হাজাৰ কিলোমিটাৰ ৰেল নেটৱৰ্ক সামৰি ল’ব । বিগত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৱচৰ এক পৰীক্ষাৰ তদাৰক কৰিছিল (Union Railways Minister Ashwini Vaishnaw) । পৰীক্ষাটোত দুখন ৰে’লৰ এখনত ৰে’লমন্ত্ৰী আৰু আনখনত ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ আছিল । দুয়োখন ৰে’ল পূৰ্ণগতিৰে ইখনে সিখনৰ কাষ চাপিছিল । বৈষ্ণৱৰ মতে, সন্মুখত থকা এখন ৰে’লৰ ৩৮০ মিটাৰৰ আগত আনখন ৰে’ল ৰখাবলৈ কৱচ সফল হৈছিল ।

লগতে পঢ়ক : Odisha Train Accident : ওড়িশাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা,বাতিল অসমৰ ৰে’ল যাত্ৰা