Local, Vocal, Global

Assam youth missing in Odisha train accident : উৰিশাৰ ৰে’ল দুৰ্ঘটনাত নিখোজ হাফিজুৰ

নেশ্যনেল ডেস্ক, ৪ জুন : উৰিশাৰ বালাছোৰত সংঘটিত হোৱা ভয়াৱহ ৰে’ল দুৰ্ঘটনাত সন্ধানহীন হৈ আছে অসমৰ এজন যুৱক । ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যুৱকজনৰ নাম হাফিজুৰ ৰহমান ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি ২ জুন শুকুৰবাৰে হাফিজুৰে শেষবাৰৰ বাবে ফোন কৰি পৰিয়ালৰ লোকক কৰমণ্ডল ৰে’লত উঠাৰ কথা অৱগত কৰিছিল (Coromandel Express) । তাৰ পাছৰে পৰা হাফিজুৰৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই পৰিয়ালৰ লোকে।

জানিব পৰা মতে শুকুৰবাৰে নিশা পৰিয়ালৰ লোকে কেইবাবাৰো ফোন কৰিছিল যদিও হাফিজুৰে ফোন ৰিচিভ নকৰিলে । শনিবাৰে হাফিজুৰলৈ পুনৰ ফোন কৰাত উৰিশা আৰক্ষীয়ে ফোনটো ৰিচিভ কৰে আৰু দুৰ্ঘটনাস্থলীত ফোনটো উদ্ধাৰ কৰাৰ কথা প্ৰকাশ কৰে ।

উৰিশা আৰক্ষীয়ে হাফিজুৰৰ পৰিয়ালৰ লোকক হেল্প লাইনৰ নম্বৰটো দিয়ে । লগতে পৰিয়ালৰ লোকক মুকলি কৰি দিয়া হেল্প লাইন নম্বৰত ফোন কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, কলাইগাঁৱৰ ২ নং শিঙিৰামাৰীৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক হাফিজুৰ ৰহমান ২ বছৰ পূৰ্বে কৰ্মৰ তাগিদাত বেংগালুৰুলৈ গৈছিল । এই ভয়াৱহ দুৰ্ঘটনাৰ পাছত হাফিজুৰ জীৱিত অৱস্থাত আছে নে তেওঁৰ মৃত্যু হৈছে সেই সন্দৰ্ভত এই পৰ্যন্ত কোনো সম্ভেদ পোৱা নাই ।

তেওঁৰ সন্ধানত ইতিমধ্যে পৰিয়ালৰ ২ জন লোক উৰিশালৈ ৰাওনা হৈছে । অতি পৰিতাপৰ কথা যে, এই পৰ্যন্ত এই পৰিয়ালটোৰ লগত প্ৰশাসন তথা অসম চৰকাৰৰ ফালৰ পৰা কোনো যোগাযোগ স্থাপন কৰা নাই বুলি জানিব পৰা গৈছে ।

আন আন ৰাজ্যই যিদৰে এই দুৰ্ঘটনা সন্দৰ্ভত হেল্প লাইন নম্বৰ মুকলি কৰিছে অতি ততপৰতাৰে গোটেই ঘটনাৰাজি পৰ্যবেক্ষণ কৰিছে । নিজ নিজ ৰাজ্যৰ যাত্ৰীক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে কিন্তু অসম চৰকাৰে এই পৰ্যন্ত তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে, এই পৰ্যন্ত এই ৰে’ল দুৰ্ঘটনাত প্ৰায় ৩০০ জন লোকৰ মৃত্যু হৈছে। আনহাতে আহত হৈছে প্ৰায় ১০০০ জন লোক । বহু মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা নাই। শেহতীয়াকৈ তথ্য অনুসৰি বহু কেইটা মৃতদেহ ডি এন এ পৰীক্ষা সম্পন্ন কৰাৰ পাছতহে পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হ’ব ।

লগতে পঢ়ক : Odisha Train Accident : ওড়িশাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা,বাতিল অসমৰ ৰে’ল যাত্ৰা