Court on sexual relation: দীৰ্ঘদিন ধৰি পতি অথবা পত্নীক যৌন সম্পৰ্কৰ পৰা বঞ্চিত কৰাটো মানসিক নিষ্ঠুৰতা
নেশ্যনেল ডেস্ক, ২৬ মে,: যৌন উদাসীনতা (Indulging in sexual indifference)ৰ বাবে বাৰাণসীৰ এক দম্পতীৰ বিবাহ বিচ্ছেদৰ ৰায় দি বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে কোনো ভিত্তি নোহোৱাকৈ পতি অথবা পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি যৌন সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰাটো মানসিক নিষ্ঠুৰতাৰ সমান(Court on sexual relation) । ন্যায়াধীশ সুনীত কুমাৰ আৰু ন্যায়াধীশ ৰাজেন্দ্ৰ কুমাৰৰ বিভাগীয় বিচাৰপীঠে বাৰাণসী নিবাসী ৰবীন্দ্ৰ প্ৰতাপ যাদৱ নামৰ এজন লোকৰ বিবাহ বিচ্ছেদৰ আবেদন গ্ৰহণ কৰি দিয়া ৰায়দানত এই কথা উল্লেখ কৰে (Court on wife husband sexual intercourse) ।
আবেদনকাৰী ৰবীন্দ্ৰ প্ৰতাপ যাদৱৰ বিবাহ বিচ্ছেদৰ আবেদন নাকচ কৰিছিল বাৰাণসীৰ পাৰিবাৰিক আদালতে (Varanasi Family Court) । পৰৱৰ্তী সময়ত পাৰিবাৰিক আদালতৰ এই সিদ্ধান্তত অসন্তুষ্ট যাদৱে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত লয় । উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত যাদৱে উল্লেখ কৰে যে, ১৯৭৯ চনত সম্পন্ন হোৱা বিবাহৰ কেইদিমানৰ পিছতে তেওঁলোকৰ মাজত পাৰিবাৰিক সমস্যাৰ আৰম্ভ হৈছিল । কাৰ তেওঁৰ পত্নীৰ আচৰণত ভয়ংকৰ পৰিৱৰ্তন ঘটিছিল । পত্নী হিচাপে নিজৰ দ্বায়িত্ব পালন কৰিবলৈ অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু একেখন চালিৰ তলত থাকিও তেওঁৰ পৰা পত্নী আঁতৰি থাকিল ।
পত্নীক তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্ক ভালে ৰাখি পূৰ্বৰ পৰিৱেশ ঘূৰাই আনিবলৈ যাদৱে বাৰে বাৰে অনুৰোধ কৰিছিল যদিও তেওঁৰ প্ৰচেষ্টা অসাৰ হৈছিল । পত্নীয়ে নিজৰ শাৰীৰিক আৰু আৱেগিক দূৰত্ব তেওঁৰ পৰা বজাই ৰখাত অটল থকাৰ বাবে তেওঁলোকৰ পাৰিবাৰিক সংঘাত অব্যাহত থাকিল (Physical and emotional distance) । অৱশেষত যেতিয়া তেওঁৰ পত্নীয়ে তেওঁলোকৰ ঘৰ এৰি মাতৃগৃহলৈ উভতি যোৱাৰ সিদ্ধান্ত ল’লে তেতিয়াই পৰিস্থিতি বেয়াৰ ফালে গতি কৰিলে । এই বিচ্ছেদে তেওঁলোকৰ মাজৰ স্বামী স্ত্ৰীৰ সম্পৰ্কটো অধিক ভয়াৱহ কৰি তুলিলে ।
যাদৱৰ মতে, তেওঁলোকৰ বিবাহৰ প্ৰায় ছমাহৰ পাছত পত্নীক ঘৰলৈ উভতাই আনি পত্নীক এগৰাকী বিবাহিত মহিলা হিচাপে দায়িত্ব পালন কৰাবলৈ বহু প্ৰচেষ্টা চলাইছিল । লগতে পত্নীক তেওঁলোকৰ বৈবাহিক জীৱনক সন্মান জনাই আৰু ইজনে সিজনৰ প্ৰতি থকা দায়বদ্ধতাক সন্মান কৰিবলৈ তেওঁ অনুৰোধ কৰিলে । দুৰ্ভাগ্যজনকভাৱে তেওঁৰ এই প্ৰচেষ্টা অসাৰ প্ৰতিপন্ন হ’ল । পত্নীয়ে স্বানীগৃহলৈ ঘূৰি আহিবলৈ অস্বীকাৰ কৰিলে ।
১৯৯৪ চনত যাদৱৰ সকলো প্ৰচেষ্টা বিফল হোৱাত দুয়োপক্ষই তেওঁলোকৰ গাঁৱৰ পঞ্চায়তৰ জড়িয়তে পাৰস্পৰিক বিবাহ বিচ্ছেদৰ বাবে লগ হ’বলৈ সন্মত হয় । পঞ্চায়তৰ দ্বাৰা হোৱা নিষ্পত্তিৰ অংশ হিচাপে যাদৱে পত্নীক ২২ হাজাৰ টকাৰ স্থায়ী জীৱিকাৰ ধন দিবলৈ সন্মত হয় । অৱশেষত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছত পত্নীয়ে পুনৰ বিবাহপাশত আবদ্ধ হোৱাৰ বিপৰীতে যাদৱে বিবাহ বিচ্ছেদৰ ভিত্তি হিচাপে মানসিক নিষ্ঠুৰতা আৰু দীৰ্ঘদিন ধৰি পৃথকে থকাৰ কথা উল্লেখ কৰি তেওঁলোকৰ বিবাহ আইনীভাৱে ভংগ কৰিবৰ উদ্দেশ্যে যাদৱ আদালতৰ কাষ চাপিছিল ।
লগতে পঢ়ক: Viral video of Salman-Vicky: ছলমান খানে আওকাণ কৰিলে বিকিক … ভাইৰেল ভিডিঅ’