Local, Vocal, Global

Viral video of Salman-Vicky: ছলমান খানে আওকাণ কৰিলে বিকিক … ভাইৰেল ভিডিঅ’

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২৬ মে’ : IIFA ত ছলমান খানে বিকি কৌশলক আওকাণ কৰিলে নেকি ? সাংবাদিকৰ কেমেৰাত বন্দী হোৱা ছলমান আৰু বিকিৰ কৌশলৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ক্ৰমাত্‍ ভাইৰেল হৈ পৰিছে (Viral video of Salman and Vicky)। এই ভিডিঅ’টো দেখাৰ পিছত সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান বৰ্তমান আইফা ২০২৩ ৰ বাবে আবু ধাবিত আছে (IIFA 2023 in Abu Dhabi)। উল্লেখ্য যে এই সপ্তাহৰ শেষত আবুধাবিৰ ইয়াছ দ্বীপত IIFA 2023 এটা গ্ৰেণ্ড ইভেণ্ট হ’ব আৰু এই গ্ৰেণ্ড ইভেণ্টৰ পূৰ্বে বলীউডৰ এটা দল একত্ৰিত হৈছিল । IIFA 2023 ৰ বাবে এক সংবাদমেলত ছলমান খানৰ লগতে অংশ লৈছিল বিকি কৌশল, ফাৰাহ খান, অভিষেক বচ্চন, বাদশ্বাহ, ৰাকুল প্ৰীত সিং আৰু ৰাজকুমাৰ ৰাওৱে । ইয়াৰ মাজতে আইফাৰ সংবাদমেলৰ পৰা ছলমান খান আৰু বিকি কৌশলৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Viral video of Salman and Vicky) । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে অনুৰাগীয়ে ছলমান খানক সমালোচনা কৰা দেখা গৈছে ।

কিন্তু ভিডিঅ’টোত আচলতে কি হৈছিল যাৰ বাবে অনুৰাগীয়ে ছলমান খানক সমালোচনা কৰিছে ?

ভাইৰেল হোৱা ভিডিঅ’টোত ছলমান খানে নিজৰ নিৰাপত্তাৰক্ষীৰ সৈতে ভিতৰত প্ৰৱেশ কৰাৰ সময়ত বিকি কৌশলক এগৰাকী অনুৰাগীৰ সৈতে চেলফি লৈ থকা দেখা যায় । যেতিয়া ভিকিয়ে ছলমানক হাত মিলাই সম্ভাষণ জনাবলৈ ওপৰলৈ উঠি যায় তেতিয়া অভিনেতাজনৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা দিয়া যেন লাগে । এই ভিডিঅ’টোৱে নেটিজেনসকলক বিভাজিত কৰি তুলিছে । কিছুমানে ভাবিছিল যে নিৰাপত্তাৰক্ষীজনে বিকিক চিনি নাপালে নেকি ?

ভিডিঅ’ত দেখিবলৈ পোৱা অনুসৰি, এজন নিৰাপত্তাৰক্ষীয়ে বিকিক ছুপাৰষ্টাৰগৰাকীৰ পৰা আঁতৰাই ঠেলি দিয়ে । ইফালে ছলমানে তেওঁৰ ফালে হাতখন আগবঢ়াই নিদি মাত্ৰ এবাৰ চকু ফুৰাই আঁতৰি যায় (Salman bodyguard pushes Vicky) । বিকিৰ মুখৰ ভাব স্পষ্টকৈ দেখা গৈছে ভিডিঅ’টোত । দ্বিতীয়বাৰৰ বাবেও বিকিয়ে হাত মিলাবলৈ চেষ্টা কৰে যদিও ছলমানে আওকাণ কৰি গুচি যোৱা যেন লাগে । ভিডিঅ’টো দেখি অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

IIFA ২০২৩ ৰ সংবাদমেলত ছলমানে প্ৰকাশ কৰে যে শেহতীয়াকৈ তেওঁ ‘টাইগাৰ ৩’ৰ শ্বুটিং সমাপ্ত কৰিছে আৰু ছবিখন চলিত বৰ্ষৰ দীপাৱলীত মুক্তি পাব । এই ছবিখনত কেটৰিনা কাইফেও অভিনয় কৰিছে আছে আৰু খবৰ অনুসৰি শ্বাহৰুখ খানৰ কেমিঅ’ দেখা যাব ছবিখনত ।

উল্লেখ্য যে ২৭ মে’ত অনুষ্ঠিত হ’ব IIFA 2023 ৰ অনুষ্ঠান আৰু অনুষ্ঠানটোত ঘোষক হিচাপে থাকিব ভিকি আৰু অভিষেক বচ্চন ।

লগতে পঢ়ক : 75 Rupee commemorative coin: নতুন সংসদ ভৱনৰ উদ্বোধন উপলক্ষ্যে ৭৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰিব চৰকাৰে