Sarita Toshniwal murder case: সুদীৰ্ঘ ৯ বছৰৰ অন্তত ডাঃ সৰিতা তাস্নিৱালৰ হত্যাকাণ্ড গোচৰৰ ৰায়দান, কিৰু মেছক দোষী সাব্যস্ত
ডিব্ৰুগড়, ১৭ মে,: সুদীৰ্ঘ ৯ বছৰৰ অন্তত ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ড গোচৰৰ ৰায়দান কৰিলে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে । গোচৰৰ ৰায়দানত ডাঃ সৰিতা তাস্নিৱালৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত অভিযুক্ত কিৰু মেছক দোষী সাব্যস্ত কৰা হয় (Dibrugarh court convicts AMCH ward boy Kiro Mech)। আনহাতে গোচৰৰ অভিযুক্ত চিকিৎসক দীপমনি শইকীয়াক দোষমুক্ত ঘোষণা কৰিলে সত্ৰ ন্যায়াধীশৰ আদালতে ।
২০১৪ ৰ ৯ মে’ত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ আজি অৰ্থাৎ বুধবাৰে চূড়ান্ত ৰায়দানৰ দিন আছিল । অৱশ্যে ৱাৰ্ডবয় কিৰু মেছৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হ’ব নে ফাঁচী হ’ব তাৰ চুড়ান্ত শুনানি কাইলৈ অৰ্থাৎ বৃহস্পতি বাৰেহে ঘোষণা কৰিব আদালতে (Dr Sarita Toshniwal murder case)।
উল্লেখযোগ্য যে কনিষ্ঠ চিকিৎসক ডাঃ সৰিতা তাস্নিৱালৰ মৃতদেহ ২০১৪ চনৰ ১০ মে’ত স্ত্ৰী ৰোগ আৰু প্ৰসূতি চিকিৎসা বিভাগৰ আই চি ইউত উদ্ধাৰ হৈছিল (Dr Sarita Tasniwal was killed in ICU of Assam Medical College) । ২০১৪ চনৰ ৯ মে’ৰ নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত ডাঃ সৰিতা তাস্নিৱালক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।
ইয়াৰ পাছতে চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেছক আটক কৰি তদন্ত চলাইছিল ডিব্ৰুগড়ৰ আৰক্ষীয়ে । কিন্তু অৱশেষত এই ঘটনাৰ লগত জড়িত চিকিৎসক ডাঃ দীপমণি শইকীয়াক আজি দোষমুক্ত বুলি ঘোষণা কৰিলে ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশ আদালতে (Dibrugarh District and Session Judge Court) ।
দোষী সাব্যস্ত হ’লেও ৱাৰ্ড বয় কিৰো মেচৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হ’বনে ফাঁচী হ’ব সেয়া 18 মে’ৰ দিনাহে আদালতে ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে । ইফালে এই ৰায়দানক লৈ সন্তুষ্ট নহয় ডাঃ সৰিতা তছনিৱাল পৰিয়াল ৷ যাৰ বাবে পৰিয়ালটো এতিয়া দ্বাৰস্থ হ’ব উচ্চ ন্যায়ালয়ৰ ৷
লগতে পঢ়ক: PFI members arrested:নগৰবেৰা অঞ্চলৰ পৰা আন এগৰাকী PFI সদস্যক গ্ৰেপ্তাৰ