Local, Vocal, Global

দক্ষিণ কামৰূপৰ সোণতলীৰ চৌধুৰীপাম গাঁও পঞ্চায়তত লাখ লাখ টকাৰ দুৰ্নীতি

ডিজিটেল ডেস্ক:- গৃহ নিৰ্মাণ নকৰাকৈ লুটিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমুদায় টকা৷

দক্ষিণ কামৰূপৰ সোণতলীৰ চৌধুৰীপাম গাঁও পঞ্চায়তত লাখ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ ।

সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ছমৰীয়াপাম ৱাৰ্ডত গৃহ নিৰ্মাণ নকৰি ধন আত্মসৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উক্ত ৱাৰ্ডৰ চৰকাৰী চাকৰিয়ালৰ পত্নী ৰেহেনা খাতুনৰ নামত চৰকাৰী গৃহ আৱণ্টিত হোৱাৰ অভিযোগ৷

ইফালে ৱাৰ্ড সদস্যা আছমা খাতুনে হিতাধিকাৰী লগত গোপনে বুজা মেলা কৰি গৃহ নিৰ্মাণ নকৰাকৈ সমুদায় টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে একে ৱাৰ্ডৰ এগৰাকী সচেতন যুৱকে।

চৰকাৰে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে যুজ দিছে কিন্তু বিপৰিতে একাংশ জনপ্ৰতিনিধি আৰু চৰকাৰী কৰ্মচাৰীয়ে তাৰ বিপৰিতে দুৰ্নীতি সংঘটিত কৰাৰ প্ৰতিযোগিতাত নামিছে৷