ৰাজ্যত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক
ডিজিটেল ডেস্ক:- কাকপথাৰত একোজন থলুৱা গাহৰি পালকৰ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ২৫০টাকৈ গাহৰিৰ মৃত্যু হয়। ইয়াৰে ৩৭টা গাহৰি প্ৰশাসনৰ উপস্থিতিত নিধন কৰা হয়। তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত কাকপথাৰ বৰদিৰাক খাটুৱা গাঁৱত পশুপালন বিভাগৰ চিকিৎসকে নিধন কৰে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিকেইটা ৷
প্ৰথমে গাহৰিৰ তেজৰ নমুনা প্ৰেৰণ কৰিছিল পৰীক্ষাৰ বাবে ৷ পৰীক্ষাত গাহৰিসমূহ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্তৰ প্ৰমাণ পোৱাত প্ৰশাসনৰ লগতে বিভাগে গাহৰিসমূহ নিধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দ্ৰুতগতিত আফ্ৰিকান ছোৱাইন ফিভাৰৰ বীজাণু অন্য গাহৰিলৈ বিয়পি যোৱাৰ বাবে গাহৰিসমূহ নিধন কৰা হয় বুলি জানিবলৈ দিয়ে বিভাগীয় লোকে ৷
এইপৰ্যন্ত এই বিধ ৰোগৰ কোনো প্ৰতিষেধক ওলোৱা নাই যদিও মানুহলৈ এইবিধ ৰোগ বিয়পি নাযায় বা মানুহৰ কোনো অপকাৰ নকৰে বুলিও জানিবলৈ দিয়ে সংশ্লিষ্ট মহলে।