Local, Vocal, Global

ফিল’বাৰীত ড্ৰাগছক কেন্দ্ৰ কৰি মহিলাৰ আত্মহত্যা

ডিজিটেল ডেস্ক:- ফিল’বাৰীত ড্ৰাগছক কেন্দ্ৰ কৰি মহিলাৰ আত্মহত্যাৰ ঘটনা। ঘটনা সন্দৰ্ভত ৫ ড্ৰাগছ সেৱনকাৰীক ৰাইজে গতালে আৰক্ষীক। কিমান অসহ্যকৰ জীৱন হ’লে এগৰাকী মানুহে আত্মহত্যা কৰিব পাৰে, যদিওবা আত্মহত্যা কাপুৰুষালী। তিনিচুকীয়া জিলাৰ ফিল’বাৰী নাজিৰাটিং বহুমুখী উন্নয়ন সংঘৰ সদস্য সকলে গোপন খবৰৰ ভিক্তিত আমগুৰি গাঁৱৰ দেৱেন মৰাণৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ পাঁচজনকৈ যুৱকক ড্ৰাগছ সেৱন কৰি থকাৰ সময়ত হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিয়ে।

ধৃত যুৱককেইজন ফিল’বাৰী অঞ্চলৰ পথাৰ গাঁৱৰ পোণাকান্ত মৰাণ, কাচিজান গাঁৱৰ শ্বৰীফ মৰাণ, আমগুৰি গাঁৱৰ অৰুণ মৰাণ আৰু ৰুবুল মৰাণ, নাজিৰাটিং গাঁৱৰ গহীন মৰাণ। তাৎপৰ্যপূৰ্ণ কথা হ’ল ধৃত অৰুণ মৰাণৰ পত্নী সৰুমাই মৰাণে নিজ স্বামীয়ে ড্ৰাগছ সেৱন কৰাৰ কথা গম পাই বিহপান কৰে। স্থানীয় ৰাইজে ততাতৈয়াকৈ সৰুমাই মৰাণক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আজি পুৱাৰ ভাগত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে।

উল্লেখযোগ্য যে, ৰাইজ তথা গাওঁৰক্ষীবাহিনীৰ সন্মুখত যুৱককেইজনে আমগুৰি গাঁৱৰ দেৱ মৰাণ, আমগুৰি মাজগাঁৱৰ নেত্ৰ বুঢ়াথোকী, আমগুৰি গাঁৱৰ আনন্দ বড়া, ফিল’বাৰী ৰবৰগুৰি সোণোৱাল গাঁৱৰ হৰেণ সোণোৱাল, ৰুমাই গাভৰুৰ বিতোপন দহোতীয়া আৰু ৰতনী পথাৰৰ চক্ৰেশ্বৰ মৰাণে ফিল’বাৰী অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই থকা বুলি স্বীকাৰ কৰে। যুৱক সংঘই আৰক্ষীক এজেহাৰৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ নাম উল্লেখ কৰি আবেদন জনাইছিল যদিও এইপৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত আচৰিত হৈছে স্থানীয় লোকসকল।