বৃন্দাবনলৈ পৰিণত জামুগুৰিহাটৰ মঙলবৰীয়া অঞ্চল
ডিজিটেল ডেস্ক:- জামুগুৰিহাটৰ মঙলবৰীয়া অঞ্চলত সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহ। মঙলবৰীয়া অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী ধনপতী কাফলেৰ পৰিয়ালবৰ্গৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানত মূল প্ৰবচকৰ দ্বায়িত্ব লৈ সুদুৰ বৃন্দাবন আশ্ৰমৰ শ্ৰীবাসুদেৱ চৰণ দেৱাচাৰ্য্য মহাৰাজে গীতাৰ তাৎপৰ্য ব্যাখ্যা কৰি শ্ৰীমদ্ভাগৱত কেৱল এটি ধৰ্মীয় গ্ৰন্থই নহয় ই হ’ল ভাৰতীয় সমাজ-সংস্কৃতি, জীৱন দৰ্শনৰ প্ৰতিভূস্বৰূপ বুলি উল্লেখ কৰে ৷ সপ্তাহযোৰা কাৰ্য্যসূচীৰ অন্যতম বুধবাৰৰ মুখ্য আকৰ্ষণ নন্দোৎসৱত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণে অঞ্চলটো বৃন্দাবনলৈ পৰিণত কৰে ৷