Local, Vocal, Global

সংস্কৃতি সাধনাৰে শতাধিক বঁটাৰে উজলিছে টীয়কৰ লাহদৈগড়ৰ ষষ্ঠ শ্ৰেণীৰ অৰ্পিতা

ডিজিটেল ডেস্ক:- যোৰহাট জিলাৰ পূৱ যোৰহাটৰ লাহদৈগড় অঞ্চলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী অৰ্পিতা বৰাই স্কুলীয়া শিক্ষাৰ সামান্তৰালভাৱে সাহিত্য আৰু সংস্কৃতি চৰ্চা কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কণমানি অৰ্পিতাই সৰুতে মাতৃক হেৰুৱাব লগা হোৱাৰ বাবে পিতৃ নৱজ্যোতি বৰাই প্ৰথম শ্ৰেণীৰ পৰাই সএীয়া নৃত্য, চিএাংকন,বৰগীত, সাহিত্য, কলাকে ধৰি সকলো দিশতে আগবঢ়াই নিছে অৰ্পিতাক।

নটৰাজ সংগীত বিদ্যালয়ৰ পৰিচালক ৰাজীৱলোচন বৰা আৰু ৰাজা নাজিৰৰ তত্বাৱধানত সৰুৰে পৰা সংস্কৃতি চৰ্চা কৰাৰ লগতে সএীয়া সংস্কৃতিৰ শিক্ষাগুৰু দিলীপ ভূঞা বৰবায়ন আৰু যতীন্দ্ৰ মহন্ত আৰু ৰিংকুমণি মহন্তৰ তত্ত্বাৱধানত সএীয়া সংস্কৃতি শিক্ষা গ্ৰহণ কৰি অৰ্পিতাই অসমৰ ভিন্ন প্ৰান্তৰ লগতে গোৱাটো বঁটা লাভ কৰিবলৈ সক্ষম হয়। বিহু, চিত্ৰাংকন, জ্যোতিসংগীত, সত্ৰীয়া, ভাওনাত অভিনয় কৰি ১০০ৰো অধিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় অৰ্পিতা।

প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতেই ২০১৮ চনত গোৱাত সএীয়া নৃত্য প্ৰৰ্দশন কৰি শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমানে মেলেংস্থিত ইংৰাজী মাধ্যমৰ ছানৰাইজ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছে অৰ্পিতাই। উল্লেখ যে ২০২৩ বৰ্ষত নামতিত অনুস্থিত হোৱা শিশু ভাওনা প্ৰতিযোগিতাতো নটৰাজ সংগীত বিদ্যালয়ত আমাৰ ভাওনা সংস্কৃতি গোষ্ঠীৰ হৈ “ৰুক্ম বীৰৰ দৰ্পচূৰ্ণ” নামৰ নাটৰ ৰুক্মিণীৰ চৰিত্ৰত দ্বিতীয় শ্ৰেষ্ঠ হৈ পুৰস্কাৰ লাভ কৰে।

অৰ্পিতাৰ এনে আদৰ্শক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰাৰ লগতে অনাগত দিনত আগবাঢ়ি যোৱাৰ উজ্বল ভবিষ্যত কামনা কৰিছে। মাই নিউজ এন ইৰ পৰিয়ালৰ পৰাও অৰ্পিতালৈ থাকিল অলেখ মৰম আৰু শুভকামনা। জীৱনৰ বাটত সফলতাৰে আগবাঢ়ি যাওক, তাৰেই কামনা।