আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…
ডিজিটেল ডেস্ক:- আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । অসমলৈ আহি বিশাল জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।গুৱাহাটিস্থিত সোণাৰাম খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।সোণাৰাম খেলপথাৰৰ পৰা জনসাধাৰণক সম্বোধন কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।আজি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আহিব অসমলৈ ।দুই মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে আপ অসমৰ নেতৃবিন্দই।সভাত আগন্তক পঞ্চায়ত আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব কেজৰিৱালে ।আজি অসমলৈ আহি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেকুৱা মন্তব্য প্ৰদান কৰে সেয়া হ’ব লক্ষণীয়া।কিয়নো কিয়নো দিল্লীৰ মুখ্যমন্ত্ৰী অসমলৈ অহাৰ পূৰ্বেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকিয়নী প্ৰদান কৰিছে যে কেজৰিৱালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ উত্থাপন কৰিলে মানহানি গোচৰ তৰিব।পূৰ্বৰ পৰাই দিল্লীৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ৰাজ্যখনৰ ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষাক লৈ টুইটাৰ তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল ।