গৌৰীপুৰৰ টিয়ামাৰিত ৰে’লৰ খুন্দাত নিহত এজন ব্যক্তি

ডিজিটেল ডেস্ক:- গৌৰীপুৰৰ টিয়ামাৰিত ৰে’লৰ খুন্দাত নিহত হয় এজন ব্যক্তি। গৌৰীপুৰ আৰক্ষী থানাৰ টিয়ামাৰিত আজি ৰে’লৰ খুন্দাত এগৰাকী ব্যক্তি নিহত হয়। কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখী যাত্ৰীবাহী ৰে’ল ডেমু ট্ৰেইনৰ খুন্দাত থিতাতে মৃত্যু হয় এগৰাকী ব্যক্তিৰ। ঘৰৰ পৰা ওলাই ধুবুৰী যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। মৃত লোকজন পূৱ টিয়ামাৰী দ্বিতীয় খণ্ড গাঁৱৰ পৰশ আলী বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৫ বছৰ। মৃত্যুহোৱা লোকজন আগৰে পৰা অলপ কাণেৰে কম শুনা আছিল বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও লোকজনৰ এনে দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে৷