Local, Vocal, Global

বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে বাহন !

ডিজিটেল ডেস্ক:- উৰিষ্যাৰ সম্বলপুত ভয়ংকৰ পথ দুৰ্ঘটনা ।শুকুৰবাৰে পুৱতি নিশা উৰিষ্যাৰ সম্বলপুত সংঘটিত হয় পথ দুৰ্ঘটনাটো । নিয়ন্ত্ৰণ হেৰুৱাই এখন গাড়ী দ’ খাৱৈত বাগৰি পৰে।দুৰ্ঘনাগ্ৰস্ত বাহনখনৰ আৰোহীসকলে এখন বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহি আছিল। অহাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাৰ ফলত সাতজন লোক নিহত হয় আৰু দুজন আহত হয়।আহত সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি পুৱা প্ৰায় ২মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সন্দেহ কৰিছে যে চালকজনে গাড়ী চলোৱাৰ সময়ত টোপনি গৈছিল যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
বাহনখন বিয়া অনুষ্ঠানৰ পৰা ঘৰলৈ গৈ আছিল সেই সময়তে চালকজনৰ টোপনি অহাত হঠাতে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।