Local, Vocal, Global

বাজেট লৈ বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগ,১১ বজাত দাখিল কৰিব বাজেট…

ডিজিটেল ডেস্ক:-আজি বিধানসভাত দাখিল হ’ব ২০২৩-২৪ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। দাখিল হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট। বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাত দিনৰ ১১ বজাত ২০২৩ – ২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব।

জানিব পৰা মতে, বিধানসভাত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগে আনুনানিক ১ লাখ ২২ হাজাৰ কোটি টকাৰ বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে। বিত্ত মন্ত্ৰী অজন্তা নেওগে জানিব দিয়া অনুসৰি বাজেটত ৰাজ্যখনৰ আৰ্থ-সামজিক দিশসমূহৰ সামৰি লোৱা হৈছে।ইয়াৰ মহিলাসকলৰ বাবে ভাল খবৰ পোৱা যাব। বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটখনত সৰ্বকাল সৰ্ববৃহত নিবনুৱা সংস্থাপনৰ বাজেট হব বুলি উল্লেখ কৰে।

অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটত কি কি থাকিব তাকে লৈ বৰ্তমান চলিছে চৰ্চা। লগতে বিৰোধীয়ে মূল্য বৃদ্ধিক লৈও প্ৰতিবাদ কৰা দেখা গৈছে।। এই নতুন বাজেটখনত ২৫ খন নতুন বাজেট, প্ৰতিটো সমষ্টিত একোখন বিজ্ঞানসন্মত হাইস্কুল অন্তৰ্ভুক্ত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। লগতে তেওঁ কয় যে, এই বাজেটত আটাইতকৈ বেছি শিক্ষাত বিনিয়োগ কৰা হ’ব। ৰাজ্যত যিদৰে ৰন্ধন গেছৰ মূল্যকে আদি কৰি পেট্ৰ’ল, ডিজেল আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, ইয়ে জনসাধাৰণত চিন্তাত পেলাইছে।

দিনৰ ১১ বজাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব অজন্তা নেওগে। ইতিমধ্যে বাজেট লৈ বিধানসভাত উপস্থিত হৈছে বিত্তমন্ত্ৰীগৰাকী।বিধানসভাত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত অজন্তা নেওগে কয়, ‘‘এইবাৰৰ বাজেট তিনিটা মূল বিন্দুৰ ওপৰত প্ৰতিষ্ঠিত। সেইকেইটা হ’ল স্বনিয়োজন, দৰিদ্ৰতা নিৰ্মূল আৰু শিক্ষা। মহিলাৰ ক্ষেত্ৰতো প্ৰাধান্য থাকিব বাজেটত। নিয়োগ সৃষ্টি আমাৰ চৰকাৰৰ মূল লক্ষ্য।