Local, Vocal, Global

ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ…

ডিজিটেল ডেস্ক:-অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথম দিন।প্ৰথম দিনাই ব্যতিক্ৰম ৰূপত দেখা গ’ল বিধায়ক অখিল গগৈক।বিধানসভাৰ প্ৰথমটো দিনতে প্ৰতিবাদমুখৰ বিধায়ক অখিল গগৈ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ তালিকা হাতত লৈ প্ৰতিবাদমুখৰ হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ অধিৱেশনৰ পূৰ্বে বিধানসভা চৌহদত মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ শিৱসাগৰৰ বিধায়ক গৰাকীৰ।ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ সৰৱ বিধায়ক অখিল গগৈ।বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে মাজে মাজে হাতত তুলি ল’লে এল পি জি চিলিণ্ডাৰৰ দুখনকৈ ফেষ্টুন ৷

বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ২০১৪ চনত ৰন্ধন গেছৰ দাম আছিল ৪১০ টকা ৷কিন্তু বৰ্তমান এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১১৫২ টকা হ’ল ৷তিনিগুণ বৃদ্ধি পাইছে গেছৰ চিলিণ্ডাৰ দাম ।প্ৰত্যেক সামগ্ৰীতে আকাশলংঘী মূল্যবৃদ্ধি এতিয়া ৷লগতে বিধায়ক গৰাকীয়ে কয় য়ে, বিধানসভাত বেলেগ কথা আলোচনা হোৱাৰ সলনি মূল্যবৃদ্ধিহে বিধানসভাৰ ইছ্যু হ’ব লাগে ৷ মূল্যবৃদ্ধি ৰোধৰ উপায় উলিওৱাহে বিধানসভাৰ দায়িত্ব হোৱা উচিত ৷ মোক সৰ্বদলীয় বৈঠকলৈ নিমন্ত্ৰণ নিদিলে ৷ BAC মিটিঙলৈও ৰাইজৰ দলক মতা নহ’ল ৷ আমাৰ দলটো পঞ্জীয়ন হোৱাৰ সত্ত্বেও মোক নামাতিলে ৷ বিৰোধিতা কৰিম বুলি জানিয়েই নামাতে মোক ৷

পৌৰ কৰ সমূহ বৃদ্ধি কৰি দিয়া হৈছে। বৃদ্ধিৰ বিৰোধিতাৰ ৰাইজে প্ৰতিবাদ কৰা প্ৰয়োজন ৷ তেওঁ সকলো জনপ্ৰতিনিধিকে মূল্যবৃদ্ধিৰ বিষয়টো সদনত দাঙি ধৰাৰ বাবে আহ্বান জনায়।