Local, Vocal, Global

দক্ষিণ কামৰূপৰ সোণতলীৰ ৰাঙ্গাপানী অৰুণোদয় আচঁনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ…

ডিজিটেল ডেস্ক:- দক্ষিণ কামৰূপৰ সোণতলীৰ ৰঙ্গাপানীত অৰুণোদয় আচঁনিৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ।দৰিদ্ৰ হিতাধিকাৰী বঞ্চিত অভিযোগত উত্তাল প্ৰতিবাদ কাৰ্যালয়ৰ সন্মুখত।অৰুণোদয় আঁচনি কংগ্ৰেছী পঞ্চায়ত প্ৰতিনিধিৰ হাতত৷ পঞ্চায়তৰ কংগ্ৰেছী দলীয় কৰ্মীৰ ঘৰতে তিনি চাৰিজনৰ নাম ৷ প্ৰতিবাদ বঞ্চিত দৰিদ্ৰ জনতাৰ৷

দক্ষিণ কামৰূপৰ সোণতলীৰ ৪৬ নং ৰঙাপানী গাঁওপঞ্চাতত অৰুণোদয় আঁচনিৰ ব্যাপক খেলিমেলিৰ অভিযোগ। দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়ত প্ৰতিনিধি, গাওঁ প্ৰধানৰ লগতে কংগ্ৰেছৰ কৰ্মীয়ে ভগাই ললে অৰুণোদয় আঁচনি

উল্লেখ্য যে ৰাঙাপানী পঞ্চায়তৰ সভানেত্ৰীয়ে ৰংফুল নেছা, মণ্ডল কংগ্ৰেছৰ সভাপতি ৰৌশ্বন আলী,মণ্ডল কংগ্ৰেছৰ সম্পাদক হাজাত ওচমানি আৰু মণ্ডল কংগ্ৰেছৰ বুথৰ সভাপতি/সম্পাদকৰ নিজ মৈমতালিৰে কেৱল কংগ্ৰেছ কৰ্মী আত্মীয়ৰ নাম সন্নিৱিষ্ট কৰে অৰুণোদয় আঁচনিত
যোগ্য হিতাধিকাৰীয়ে প্ৰতিনিধি সকলক অৰুণোদয় আঁচনিত নাম সন্নিবিষ্ট কৰিব কৈছিল যদিও সেইসকলৰ কথাত গুৰুত্ব দিয়া নাই প্ৰতিনিধি তথা দলীয় কৰ্মীয়ে৷বঞ্চিত হিতাধিকাৰীয়ে অৰুণোদয় আচনিৰ দূৰ্নীতি বন্ধ কৰক,বিধায়িকা নন্দিতা দাস গো বেগ,আমাৰ দাবী ন্যাৰ্য দাবী, অৰুণোদয় আচনি আমাক লাগিবই,কংগ্ৰেছৰ দূৰ্নীতি বন্ধ কৰক আদি শ্লোগানেৰে ৰাঙাপানীৰ আকাশ-বতাহ কোপনই তোলে। নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অৰুণোদয় আঁচনিত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী কৰে।