Local, Vocal, Global

ৰাতিপুৱা খালী পেটত খাওক এই ৬ বিধ বনৌষধি,আপোনাক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ সহায় কৰিব…

ডিজিটেল ডেস্ক:- সকলো ধৰণৰ ৰোগৰ পৰা বাছি থকাৰ বাবে আমাৰ শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজন! বিশেষজ্ঞসকলে মতে, ৰাতিপুৱা খালী পেটত এই বনৌষধিবোৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, আৰু আমাক স্বাস্থ্যৱান কৰ ৰাখে, আৰু আমি চিকিৎসকৰ ওচৰলৈ যাব নালাগে।
এই বনৌষধিবোৰ খায় নিজকে স্বাস্থ্যবান কৰি ৰাখক।ৰাতিপুৱা খালী পেটত খাব এই ছয়বিধ বনৌষধি।

ত্ৰিফলা: ত্ৰিফলাত ভিটামিন চি, ভিটামিন এ, এণ্টি-ইনফ্লেমেটৰী, এণ্টিঅক্সিডেটিভ আৰু ল্যাক্সেটিভ গুণ আছে। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত ত্ৰিফলা খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ’ব!

তুলসী: তুলসী হৈছে এক শক্তিশালী বীজাণুনাশক। ইয়াত ফাইটোকেমিকেল আৰু এণ্টিঅক্সিডেণ্ট থাকে যি আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে জীৱাণু, বেক্টেৰিয়া আৰু ভাইৰাছ চিনাক্ত কৰে আৰু সেইবোৰ মাৰি পেলায়।

মানিমুনি আৰু ব্ৰাহ্মী: আয়ুৰ্বেদৰ দুটা উপাদানৰ ভিতৰত এটা হৈছে মানিমুনি আৰু ব্ৰাহ্মী। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও, ই শক্তি, বুদ্ধিমত্তা আৰু স্মৃতিশক্তি বৃদ্ধি কৰে

আমালখি: নিয়মীয়াকৈ খালী পেটত আমালখি খোৱা আৰম্ভ কৰক, ই ভিটামিন চি, বিটা-কেৰোটিন আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত, আমলখি খাওক, জটিল-কঠিন ৰোগৰ ওচৰলৈ নাহে।

আদা: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ বিশেষজ্ঞ আদা। এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিঅক্সিডেণ্ট আছে যি বিপাক বৃদ্ধি কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

নিম পাত: নিম পাতত এণ্টি-ইনফ্লেমেটৰী, এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল, এণ্টি-ফাংগাল গুণ থাকে যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কিন্তু একেৰাহে ১৫ দিনতকৈ অধিক সময় নিম পাত খোৱা উচিত নহয়।