Local, Vocal, Global

নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

ডিজিটেল ডেস্ক:- নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ।৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব।নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী।

তথ্য অনুসৰি, ত্ৰিপুৰাৰ বিজেপি চৰকাৰ আৰু নাগালেণ্ড-মেঘালয়ৰ এন ডি এ চৰকাৰৰ পুনৰ গঠনত বিজেপিয়ে উল্লেখনীয় সফলতা হিচাপে গ্ৰহণ কৰিছে । এই বিৰল সাফল্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ৰ এন ডি এৰ মুখ্যমন্ত্ৰীৰ আৰু পাছৰ দিনা ত্ৰিপুৰাত বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত অংশ ল’ব ।উল্লেখ্য যে, মেঘালয়ত ৭ মাৰ্চৰ পুৱা ১১ বজাত শপতগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে নাগালেণ্ডত সেইদিনাই দিনৰ ১.৪৫ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।ইফালে ত্ৰিপুৰাত ৮ মাৰ্চৰ পুৱা ১১ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।
২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰিছিল – উত্তৰ-পূবৰ তিনি ৰাজ্যত বিজেপিৰ সুন্দৰ ফলাফল প্ৰদৰ্শনে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থাকে পুনৰবাবৰ প্ৰতীয়মান কৰিছে ।