Local, Vocal, Global

নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ ভোটগণনা আৰম্ভ,কোনে গঠন কৰিব চৰকাৰ…

ডিজিটেল ডেস্ক:-নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ ভোটগণনা আৰম্ভ।নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ ভোটগণনা ২ মাৰ্চ বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হয়।তিনিখন ৰাজ্য় ১৭৮ খন আসনত ত্ৰিপুৰাৰ,নাগালেণ্ড আৰু মেঘালয় ভোটগ্ৰহণ আৰম্ভ হৈছিল ১৬ আৰু ২৭ ফেব্ৰুৱাৰীত।নাগালেণ্ড ৬০ খন আসনৰ এখন আসন বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে।
১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভাৰ ৬০টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।ভোটদানৰ হাৰ আছিল প্ৰায় ৮০ শতাংশ।
২৭ফেব্ৰুৱাৰীত ভোটগ্ৰহন হোৱা মেঘালয়ত বিধানসভা নিৰ্বাচনৰ ৫৯ খন আসন কাৰ দখললৈ যাব সেই এতিয়া ব্যাপক কল্পনা জল্পনা।
ত্ৰিপুৰাৰ দৰেই নাগালেণ্ড, মেঘালয়ৰ বিধানসভাৰো আসন ৬০ খনকৈ।এগজিট প’লসমূহৰ মতে এইবাৰ ত্ৰিপুৰাত বিজেপিয়ে ৩৬ ৰ পৰা ৪৫ খন আসম লাভ কৰাৰ সম্ভাৱনা আছে।ভোটফেৰৎ সমীক্ষা মতে ৰাজ্যখনত এইবেলিও নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে অধিক আসন লাভ কৰিব । ৬০ খন আসনৰ মাজত এন পি পি য়ে ১৮ ৰ পৰা ২৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । বিজেপিয়ে ত্ৰিপুৰা আৰু নাগালেণ্ডত পাব ৮-৮ খনকৈ আসন । আনহাতে, কংগ্ৰেছ জয়ী হ’ব ৬-১২ খন আসনত । তদুপৰি তৃণমূল কংগ্ৰেছে লাভ কৰিব ৫-৯ খন আসন ।নাগালেণ্ডত এইবাৰ এনডিপিপি আৰু বিজেপিয়ে যৌথভাৱে মেজিক নাম্বাৰ লাভ কৰি চৰকাৰ গঠন কৰাৰ সম্বাৱনা আছে।

ৰাজ্যদুখনত পৰিৱৰ্তন আনিবলৈ যে সকলো সাজু সেই কথ‍া ইতিমধ্যেই প্ৰমাণিত হৈছে । তেনেস্থলত এতিয়া অপেক্ষা মাথো ফলাফল ঘোষণালৈ।তিনিৰাজ্যৰ ফলাফল কি হ’ব সেয়া ভোটগণনাৰ অন্ততহে স্পষ্ট হ’ব
কোনে মাৰিব শেষ হাঁহি…