Local, Vocal, Global

আজি নাগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচন,পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ-আজি চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।মেঘালয়ত পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ।পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।২১.৬ লাখ ভোটাৰেৰে সৰ্বমুঠ ৫৯ খন আসনৰ বাবে সাজু হৈ উঠিছে মেঘালয়ত।দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে।মেঘালয়ত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২১,৭৫,২৩৬জন।এই ২১.৬ লাখ ভোটাৰে নিৰ্ধাৰণ কৰিব ৩৬৯ জন প্ৰাৰ্থীৰ ভৱিষ্যত।কোনে শাসন কৰিব মেঘালয়ত?কি হ’ব মেঘালয়ৰ ভৱিষ্যত?আজি ভোটাৰৰ হাতত মেঘালয়ৰ ভৱিষ্যত।

আনহাতে,আজি পুৱাৰে পৰা নাগালেণ্ডত ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নাগালেণ্ডত ৫৯টা সমষ্টিৰ বিপৰীতে ১৮৩জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা ৪গৰাকী।ইয়াৰ ভিতৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় অকুলুটুৰ BJPৰ প্ৰাৰ্থী কহেতু কিনিমিৰ।ৰাজ্যখনত মুঠ ভোটাৰ প্ৰায় ১৩,১৭,৬৩২জন।মুঠ ২,৩১৫টা কেন্দ্ৰত ভোট গ্ৰহণ।আজি নাগালেণ্ডত জনতাৰ হাতত ন্যস্ত আছে এক গুৰুত্বপূৰ্ণ দায়িত্ব।