Local, Vocal, Global

অত্যাধুনিক ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত…

ডিজিটেল ডেস্ক:বস্ত্ৰনগৰী শুৱালকুছিৰ তাঁত শিল্পই আকৰ্ষিত কৰি আহিছে বিদেশী পৰ্যটকক।বাৰানসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰা অত্যাধুনিক ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস গোৱালপাৰাৰ পৰা বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হয় ৷ জাহাজ খনত অহা বিদেশী পৰ্যটক সকল যাতায়াতৰ ক্ষেত্ৰত যাতে অসুবিধা নহয় তাৰবাবে প্ৰশাসনে যাৱতীয়া প্ৰস্তুতি চলাই । প্ৰাচ্যৰ মাঞ্চেচেষ্টাৰত উপস্থিত হৈ মুগা ফাৰ্মৰ লগতে অসম গৌৰৱ পাট মুগাৰ বস্ত্ৰ শিল্প পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে ।পৰ্যটক সকলে বস্ত্ৰনগৰী শুৱালকুছিত প্ৰায় দুই ঘন্টা সময় অতিবাহিত কৰে।