Local, Vocal, Global

গুৱাহাটীত এইবাৰ IPL,আপুনি সাজু নে?

ডিজিটেল ডেস্ক:গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইবাৰ অনুষ্ঠিত হ’ব IPLৰ দুখনকৈ হাইভল্টেজ মেচ।বৰ্ষাপাৰা হ’ব ৰাজস্থান ৰয়েলছ ক্ৰিকেট দলৰ ঘৰুৱা খেল পথাৰ। ৫ এপ্ৰিলত ৰাজস্থান ৰয়েলছে পাঞ্জাৱ কিংছ ইলেভেন আৰু ৮ এপ্ৰিলত দিল্লী কেপিটেলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জনাইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। মাৰ্চ মাহৰ শেষৰ ফালে ৰাজস্থান ৰয়েলছৰ দলটো বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলনৰ বাবে উপস্থিত হ’ব।এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই খেলখনৰ টিকট ক’ত কেনেকৈ উপলব্ধ হ’ব এই কথা অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিব।গুৱাহাটীত অনুষ্ঠিত হ’ব লগা আইপিএলৰ মেচ দুখনৰ সম্পৰ্কত অসম ক্ৰিকেট সন্থাৰ সভাপতিৰ মন্তব্য- এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ষ্টেডিয়ামখনৰ নাম জিলিকি উঠিব বুলি আশা ব্যক্ত কৰে । ইতিমধ্যে খেল দুখনৰ বাবে যাৱতীয় সকলো ব্যৱস্থাপনা কৰি থকা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি গৰাকীয়ে ।উল্লেখ্য যে, অহা মাৰ্চ মাহৰ ৩১ তাৰিখৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ প্ৰথম দিনাৰ খেল ।