Local, Vocal, Global

মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল ডেস্ক:সোমবাৰে মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা।মেঘালয়ৰ খাৰকুটাৰ সমীপৰ বলমেডাঙত সংঘটিত হয় এই শোকাৱহ ঘটনাটো।মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ সময়ত সংঘটিত এই ঘটনাটো। ৰাজ্যখনৰ খাৰকুটাৰ সমীপৰ বলমেডাঙৰ ওচৰত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ফলত মৃত্যুমুখত পৰে ৫জন লোক।এই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকীও লোক আহত হয়। তথ্য অনুসৰি নিৰ্বাচনী সভালৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় । এখন টাটা ডি আইত আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় গাড়ীখন। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত বিধানসভাৰ উপ অধ্যক্ষ ড০ নোমল মমিন উপস্থিত হয়। আজি দিনৰ প্ৰায় ১১ বজাত সংঘটিত এই ঘটনাই ৰাজ্যখনত শোকৰ ছাঁ পেলাইছে।