Local, Vocal, Global

দুৰ্ঘটনাগ্ৰস্ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰলৈ যাত্ৰী অনা বাছ

আজি পুৱাই ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত সংঘটিত হয় এক পথ দুৰ্ঘটনা। বিশ্বনাথ চাৰিআলিৰ পৰা চিমেন চাপৰিত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনলৈ যাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী বাছখন চিচিবৰগাঁও চাৰিআলিৰ কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰৰ AS-12-AC-2463।

উল্লেখ্য যে ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ৯২ সংখ্যাক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ আজি দ্বিতীয়টো দিন।এই অধিৱেশনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাছখন আহি থকা অৱস্থাতে আদবাটতে দুৰ্ঘটনাগ্ৰস্ত হয়।বাছখনে প্ৰথমে পথৰ দাঁতিত থকা গাৰ্ড প’ষ্ট ভাঙি কাষত থকা নৰ্দমাত সোমাই ৰৈ যায়।

জানিব পৰা মতে বাছখনত পুৰুষ–মহিলাকে ধৰি ৪০ গৰাকী যাত্ৰী আছিল।দুৰ্ঘটনাটোৰ ফলত সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে যাত্ৰী।সৌভাগ্যক্ৰমে কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই।জানিব পৰা মতে দুৰ্ঘটনাটোৰ ফলত পথৰ সমীপৰ তিনিখন দোকান ক্ষতিগ্ৰস্ত হয়।