Local, Vocal, Global

GS ৰোডৰ চিলভাৰ স্কোৱেৰ পাৰ্কিঙত ভয়ংকৰ অগ্নিকাণ্ড !

মহানগৰীৰ খ্ৰীষ্টানবস্তিত ভয়াৱহ পৰিস্থিতি! মহানগৰীৰ খ্ৰীষ্টানবস্তিত লাগিল ভয়ংকৰ জুই। এটা কাপোৰৰ শ্ব’ৰূমত অগ্নিকাণ্ড। GS ৰোডৰ চিলভাৰ স্কোৱেৰ পাৰ্কিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত।জানিব পৰা মতে জুইৰ সূত্ৰপাত পাৰ্কিঙত থকা চাৰিচকীয়া এখন বাহন আছিল।

উল্লেখ্য যে, বাহনখন মেৰামেতি কৰি থকা অৱস্থাতে বাহনখন জুইত ভস্মীভূত হয়। ইতিমধ্যে, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছে। তেওঁলোকে জুই নুমোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।