“মোক গ্ৰেপ্তাৰ নকৰে কিয়?” মুখ্যমন্ত্রীলৈ অজিত কুমাৰ ভূঞাৰ প্ৰশ্ন !

ডিজিটেল ডেস্কঃ-:- কেইদিনমান পূৰ্বে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই, তেওঁৰ টুইটাৰ একাউন্টত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷
আৰু সেই আভিযোগ সমূহৰ উত্তৰ ৰাজহুৱা ভাৱে দিবলৈ মুখ্যমন্ত্রীগৰাকীক আহ্বান জনায়। অৱশ্যে এই বিষয়ত মুখ্যমন্ত্রী, তেওঁৰ পৰিয়াল আৰু ৰাজ্য চৰকাৰে অদ্যপি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু তাৰ বিপৰীতে সাংসদ অজিত কুমাৰ ভূঞাই আজি অসম চৰকাৰ আৰু মুখ্যমন্ত্রীৰ বিৰুদ্ধে পুণৰ গুৰুত্বপূৰ্ণ আৰু অতি স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰিছে৷
তেওঁৰ লিখিত অভিযোগৰ পূর্ণ পাঠ-
“মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বি জে পি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত আৰু মোৰ প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্য – সদস্যাৰ নামত থকা প্রতিষ্ঠানে চৰকাৰী প্ৰশাসন যন্ত্র ব্যৱহাৰ কৰি আৰু চৰকাৰী বিভাগসমূহৰ পৰা ধন আনি অনুষ্ঠিত কৰা এটাৰ পিছত আনটো অনুষ্ঠানৰ অৰ্থনৈতিক লেনদেনৰ সমস্ত তথ্য ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিবলৈ আহ্বান জনাই মই কৰা কেইটামান মুকলি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি উলংগ হোৱাৰ ভয়ত এতিয়া মুখ্যমন্ত্ৰীজনে মোৰ সাংসদ পুঁজি ব্যয়ৰ আসোঁৱাহ খুচৰি আমাৰ প্ৰত্যাহ্বানৰ পোতক তোলাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।
ইতিমধ্যে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা সাংসদ পুঁজিৰ ব্যয়ৰ ফাইল তলব কৰাই নি কিছুমান সম্পূর্ণ মিছা অভিযোগ তেওঁৰ একাংশ ভক্ত আৰু ঘনিষ্ঠ জ্যেষ্ঠ ‘ সাংবাদিক’ৰ দ্বাৰা সামাজিক মাধ্যমকে ধৰি একাংশ প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰি মোক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ কৌশল ৰচনা কৰিছে ।
তেওঁৰ আজ্ঞাবাহী বুলি সকলোৱে জনা এজন ডেকা মন্ত্ৰীৰ হতুৱাই তেওঁৰ ষড়যন্ত্ৰ আগবঢ়াই নিবলৈ বিচৰা হৈছে । ইতিমধ্যে মোৰ সাংসদ পুঁজি সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ‘ ভিজিলেন্স চে’ল’ত এটা গোচৰ ৰুজু কৰি বিষয়াসকলক লগাই দিয়া হৈছে আসোঁৱাহ বিচাৰিবলৈ ।
ইয়াতেই ওলাই পৰে মুখ্যমন্ত্ৰীজন কেনে ধৰণৰ চৰিত্ৰৰ মানুহ । আচলতে মুখ্যমন্ত্ৰীজনৰ আচল চৰিত্ৰটো উদঙাই দিয়াটো তেওঁ সহ্য কৰিব পৰা নাই । মই তুলি ধৰা প্ৰশ্নবোৰৰ উত্তৰ তেওঁৰ হাতত আছে , কিন্তু সেইবোৰ ৰাজহুৱা কৰিবলৈ যিকণ সাহস আৰু সততাৰ প্ৰয়োজন সেইকণ তেওঁৰ নাই যে সেই কথা বাৰে বাৰে প্ৰমাণ হৈছে ।
তেওঁ ভালকৈয়ে জানে যে সেইবোৰ উত্তৰ ৰাজহুৱা হৈ গ’লে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ পাইকাৰী লুণ্ঠনৰ ছবিখন পোহৰলৈ ওলাই আহিব । সেয়ে ভয় । মই অকণো আচৰিত হোৱা নাই কাৰণ ক্ষমতাই মূৰত ধৰা মানুহৰ প্ৰকৃতি এনেকুৱাই হয় ।
সকলো তেওঁৰ ভৃত্য মন্ত্রী বিধায়ক – সাংবাদিকৰ শাৰীৰ ব্যক্তি বুলি থকা তেওঁৰ ধাৰণা যে ভুল সেই কথা হয়তো তেওঁ উপলব্ধি কৰাৰ সামর্থ্যও নাই । মই সদায় সঁচা কথা কৈ আহিছোঁ আৰু কোনো ভয় – ভাবুকি , প্রলোভনে আজিলৈকে মোক কক্ষচ্যুত কৰিব পৰা নাই আৰু নোৱাৰেও ।
এজন মুখ্যমন্ত্ৰী হৈ সাংসদ উন্নয়ন পুঁজিৰ ধন কোনে কেনেকৈ ব্যয় কৰিব পাৰে সেইটো নজনাটো বৰ লাজৰ কথা । সাংসদ উন্নয়ন পুঁজিৰ ধন সাংসদজনে নিজৰ ইচ্ছা মতে ব্যয় কৰিব নোৱাৰে । এখন চৰকাৰী কমিটী থাকে আৰু কমিটীখনক সাংসদজনে কেৱল কোনটো অঞ্চলত কি কাম কৰিব খোজা হৈছে সেইটো জনাই দিব লাগে । ইয়াৰ পিছৰ পৰ্যায়ত সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তজনৰ তত্বাৱধানতহে কামৰ খতিয়ান চাই এই পুঁজি নির্দিষ্ট কামৰ বাবে ধন কেইবাটাও কিস্তিত মোকলাই দিয়া হয় । ইয়াত সাংসদ এজনে পুঁজিৰ অপব্যৱহাৰ কৰাৰ সুৰুঙা ক’ত মুখ্যমন্ত্ৰী ডাঙৰীয়া ?
মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এজন জ্যেষ্ঠ সাংবাদিকে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি লৈ সামাজিক মাধ্যমত হাজোৰ এটা জৰাজীৰ্ণ পথ মোৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা বুলি ফটোসহ তুলি ধৰিছে । সাংবাদিকৰ চৰিত্ৰ যদি এনেকুৱাই হয় তেন্তে আৰু ক’বলৈ কি বাকী থাকিল ! তেওঁলোকে জানি লওক আগতে যে তেওঁলোকে দেখুওৱা পথটো মোৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা পথেই নহয়।
উপায়ুক্ত কাৰ্যালয়ৰ পৰা দিছপুৰে লৈ যোৱা ফাইলবোৰ লুটিয়াই চাওক আগতে , সেইটো পথৰ আঁচনি মোৰ সাংসদ পুঁজিৰে সজাৰ কিবা তথ্য বিচাৰি পায় নেকি । মই প্ৰয়োজন হলে মোৰ সাংসদ পুঁজিৰ প্ৰতিটো টকাৰ ব্যয়ৰ বিস্তাৰিত তথ্য ৰাজহুৱা কৰি দিম।
কিন্তু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘকাল স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ থাকোতে ক’ৰ ধন ক’ত ব্যয় কৰিলে , কোন কোন আত্মীয়ক সেইবোৰ কামৰ ঠিকা দিলে আৰু এতিয়া গড়কাপ্টানি ( লোক – নিৰ্মাণ বিভাগ ) ত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাহিৰে আন কোনোবাই বৃহৎ বৃহৎ ঠিকাৰ কাম পাইছেনে , সেইবোৰ তথ্য ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাৰ সাহসে কুলাব নে নাই সেইটোৰো উত্তৰটো দি লওক।
মই খুব স্পষ্টভাৱে কৈছোঁ- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি সাহস আছে তেন্তে মই ইয়াৰ আগতে ৰাজহুৱাকৈ উত্থাপন কৰা প্রশ্ন কেইটাৰ উত্তৰ ৰাজহুৱাকৈ দিয়ক । আৰু যদি উত্তৰ দিবলৈ ভয় খাইছে সেইটোও ৰাজহুৱাকৈ কৈ দিয়ক । মোক সেই প্রশ্নবোৰৰ উত্তৰ লাগিবই ।
আজি মই দুটামান কথা সুধিব খুজিছোঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক
১ ) মই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰত্যাহ্বান জনাই ৰাজহুৱাকৈ তোলা প্ৰশ্নকেইটাৰ পিছতহে মোৰ সাংসদ পুঁজিৰ হিচাব ল’বলৈ কিয় তৎপৰ হ’ল ? ইয়াৰ আগলৈকে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগোপাংগ সকল শুই আছিল নেকি ? এতিয়াহে ‘ ভিজিলেন্স’ত গোচৰ তৰিবলৈ ৰৈ আছিল কিয় !
২ ) এয়াই আপোনালোকৰ চৰিত্ৰ নেকি? আপোনালোকৰ বিৰুদ্ধে মাত মাতিলেই পুলিচ , ই ডি , চি বি আই লগাই বিৰোধীৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ আপোনালোক তৎপৰ হৈ পৰে !
৩ ) সাংসদ পুঁজিৰ কামত সাংসদ হিচাপে মোৰ কোনো ভূমিকাই নাই । এই পুঁজিৰ কাম তদাৰক কৰিবলৈ চৰকাৰে কমিটী গঠন কৰি দিছে য’ত বেছিভাগেই আপোনালোকৰ বাছনিত উঠা অফিচাৰ ! তেওঁলোকেই সমস্ত তদাৰক কৰে আৰু উপায়ুক্তজনে কামৰ খতিয়ান চাই কাম কৰা ঠিকাদাৰক ধন মোকলাই দিয়ে । যদি গণ্ডগোল হৈছে তেন্তে সেয়া আপোনালোকৰ বাছনিত উঠা অফিচাৰ সকলেহে কৰিব পাৰে । কিন্তু মোৰ দৃঢ় বিশ্বাস যে অফিচাৰসকল সৎ অফিচাৰ , তেওঁলোকে তেনে বিত্তীয় গণ্ডগোল কৰিব নোৱাৰে ।
৪ ) শেষত মই আহ্বান জনাম যাতে মোৰ সৈতে থকা ৰাজনৈতিক শত্রুতাৰ বাবে এইসকল আমোলাৰ বিৰুদ্ধে আপোনালোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে । তাৰ পৰিৱৰ্তে আপোনালোকৰ কু – অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ যদি প্রয়োজন হয় তেন্তে সাহসেৰে মোকেই গ্ৰেপ্তাৰ কৰকহি । মই সাজু আছোঁ । মোৰ বাবে এইবোৰ নতুন কথা বুলি মই অন্ততঃ নাভাবো ।