বাজেটত ধূমপানৰ মূল্য বৃদ্ধি; বাজেটত কি কি বস্তুৰ মূল্য হ্ৰাস আৰু কি কি বস্তুৰ মূল্য বৃদ্ধি পালে…
ডিজিটেল ডেস্কঃ-আজি ১১ বজাৰ লগে লগে সংসদত নিৰ্মলা সীতাৰমনে মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেটৰ ভাষণ দিয়ে।বাজেটত কেন্দ্ৰীয় চৰকাৰৰ পৰা বহুকেইটা ডাঙৰ ঘোষণা কৰিছে।বাজেটৰ ভাষণতে বিত্ত মন্ত্ৰীগৰাকীয়ে কয়- কোনবোৰ সামগ্ৰীৰ মূল্য় হ্ৰাস হৈছে আৰু কোনবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হৈছে।
কি কি বস্তুৰ দাম কমিব-
বিদেশৰ পৰা অহা ৰূপৰ দাম কমিব
মোবাইল ফোন আৰু কেমেৰাৰ লেঞ্চৰ দাম কমিব
LED টিভি আৰু বায়’গেছৰ সৈতে জড়িত বস্তুৰ দাম হ্ৰাস হ’ব
টিভিৰ কিছুমান অংশৰ দাম হ্ৰাস কৰা হৈছে
বৈদ্যুতিক গাড়ী, খেলৰ সামগ্ৰী আৰু চাইকেলৰ মূল্য হ্ৰাস
মুল্য বৃদ্ধি হ’ব-
সোণ-ৰূপ আৰু প্লেটিনামৰ দাম বৃদ্ধি
দাম বৃদ্ধি চিগাৰেটৰ
ছিলভাৰৰ বাচন-বৰ্তনৰ সামগ্ৰীৰ মূল্য বৃদ্ধি
আ-আলংকাৰৰ মূল্য বৃদ্ধি
ধপাতযুক্ত সামগ্ৰীৰ মূল্য বৃদ্ধি