Local, Vocal, Global

১১ বজাৰৰ লগে লগে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা চিতাৰমণে সংসদত দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট! কি কি আছে এই বাজেট…

ডিজিটেল ডেস্কঃ- কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা চিতাৰমণে সংসদত দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট।বাজেটক লৈ আশাবাদী সাধাৰণ জনতা।২০২৩-২০২৪ বৰ্ষৰ বাজেট পাঠ কৰি নিৰ্মলা সীতাৰমনে চাকৰি সৃষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি কয় চৰকাৰে।

বাজেটত ডাঙৰ ঘোষণা-আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি বাজেটত।
আঢ়ৈ লাখৰ পৰা ৩ লাখলৈ আয়কৰ ৰেহাই।
৩ৰ পৰা ৬ লাখ টকালৈ আয়কৰ ৫ শতাংশ।
৬ৰ পৰা ৯ লাখলৈ আয়কৰ ১০ শতাংশ।
৯ৰ পৰা ১২ লাখ টকাৰ আয়কৰ ১২ শতাংশ।
১২ৰ পৰা ১৫ লাখলৈ আয়কৰ ২০ শতাংশ।
১৫ লাখৰ ওপৰত আয়কৰ হ’ব ৩০ শতাংশ।

MSMEৰ সকলো বিবাদ মীমাংসা,5Gএপৰ বাবে ১০০ টা লেবৰ প্ৰস্তাৱ বাজেটত।
ডিজিটেল ইণ্ডিয়া অনুসৰি KYCৰ উন্নীতকৰণ।
সকলো ডিজিটেল কামত PAN হ’ব পৰিচয় পত্ৰ।
KYC ব্যৱস্থা সৰলীকৰণ কৰা হ’ব।
MEME ৰ সকলো বিবাদ মীমাংসা কৰা হ’ব।
যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্ব।
5G এপৰ বাবে ১০০ টা লেবৰ প্ৰস্তাৱ।

ৰে’ল খণ্ডলৈ ২.৪ লাখ কোটি টকা বাজেটত,৫০ টা বিমান বন্দৰ হেলিপেড পুনৰ উজ্জীৱিত কৰা হ’ব।
নগৰ উন্নয়নৰ বাবে ৰাজ্যক উৎসাহিত কৰা হ’ব।
ৰেল সৰ্বকালৰ সৰ্ববৃহৎ বাজেট।
অসামৰিক সেৱাৰ বাবে মিছন কৰেমযোগী।
AIৰ বিকাশৰ বাবে চেন্টাৰ ফৰ এক্সিলেঞ্চ।

পৰ্যটনৰ ক্ষেত্ৰত পৰিণত কৰা হ’ব সীমান্তৰ গাওঁ।
৪৭ লাখ যুৱকক দিয়া হ’ব আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ।
৩০ লাখ শিক্ষাৰ্থীলৈ ছাত্ৰ বৃত্তি।