Local, Vocal, Global

কেন্দ্রীয় বাজেট ২০২৩ আৰু জনতাৰ আশা…

মানৱেন্দ্ৰ কুমাৰ দাস:- সৰ্বসাধাৰণ মানুহৰ বাজেটৰ পৰা কি লাভ হ’ব ? বাজেট ২০২৩ত নিৰ্মলা সীতাৰমনে কি ৰাখিছে তেঁওলোকৰ বাবে?

সকলোৰে দৃষ্টি এতিয়া কেন্দ্ৰীয় বাজেটৰ ওপৰত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰিছে৷ বিশেষজ্ঞসকলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ এই বাজেটখন অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে।

এফালে যিহেতু এই বাজেটকলৈ সাধাৰণ জনতাৰ আশা বেছি, আনহাতে এইখনেই মোডী চৰকাৰৰ শেষ সম্পূৰ্ণ বাজেট। ফলত বিশেষজ্ঞসকলে অনুভৱ কৰিছে যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা ডাঙৰ ঘোষণা হ’ব পাৰে।

  • ভাষনত উল্লেখ কৰা মতে আগন্তুক বাজেটত ভাৰত চৰকাৰৰ এটা ডাঙৰ উদ্দেশ্য হ’ব বিত্তীয় ঘাটি হ্ৰাস কৰা। এই বাজেটত দীৰ্ঘম্যাদী বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
    *আন্তঃগাঁথনি উদ্যোগৰ দাবী আন্তঃগাঁথনি খণ্ডত ব্যয় বৃদ্ধি। এই বিষয়ত জিডিপিৰ কমেও ১০ শতাংশ খৰচ কৰাৰ দাবী।
  • ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
  • প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বাজেট ২০২৩ত সাধাৰণ নাগৰিকৰ আশা পূৰণৰ চেষ্টা কৰা হ’ব।
    *২০২৩ চনৰ বাজেটত ঘোষণা হ’ব পাৰে নতুন বান্দে ভাৰত ৰে’ল।
  • ডঃ বি কাৰাদে কয় যে দেশত Covid 19 মহামাৰীৰ পৰা দ্ৰুতগতিত সুস্থ হৈ উঠিছে।
    *বাজেট দাখিলৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।

*ট্ৰেজাৰী ড্ৰ’ডাউনৰ ফলত আমেৰিকাৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হোৱাৰ বাবে বুধবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকা শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।
*বুধবাৰৰ আৰম্ভণিৰ সময়ত ভাৰত চৰকাৰৰ বণ্ডৰ মূল্য অপৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা থাকিব।
*MoS Finance পংকজ চৌধুৰীয়ে কয় যে ‘বাজেটখনে সমাজৰ প্ৰতিটো শ্ৰেণীৰ আশা পূৰণ কৰিব।’
*কেন্দ্ৰীয় বাজেট ২০২৩ৰ প্ৰায় ৩৫টা বস্তুৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে মোডী চৰকাৰে।

  • চৰকাৰে পি এছ ইউ বেংকৰ বাবে অধিক মূলধন বিনিয়োগ কৰাৰ সম্ভাৱনা নাই।
    *সৰ্বভাৰতীয় ব্যৱসায়ী সন্মিলন (CAIT)
    ইলেক্ট্ৰিক গাড়ী নিৰ্মাতাসকলে বাজেটৰ পৰা সকলো দিশৰ পৰা ৫ শতাংশ জি এছ টিৰ দাবী জনাইছে।
    *বাজেটৰ এটা চিন্তনীয় কথা হ’ল যে যোৱা বাজেটৰ পৰা এই বাজেটলৈ SENSEX মাত্ৰ ১ শতাংশহে বৃদ্ধি পাইছে।
  • শেহতীয়াকৈ চীন আৰু পাকিস্তানৰ সীমান্তত সমস্যা বৃদ্ধি পোৱাৰ বাবে বাজেটত সামৰিক খণ্ডৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
    *বাজেট ২০২৩ৰ অন্যতম লক্ষ্য হ’ব নিয়োগ খণ্ড