Local, Vocal, Global

দিল্লীত চোঁচোৰাই নি ২০ বছৰীয়া অঞ্জলী হত্যাকাণ্ডত বিজেপিৰ নেতাৰ নাম

নৱবৰ্ষৰ নিশা দিল্লীত সংঘটিত ভয়ংকৰ ঘটনাৰএগৰাকী অভিযুক্তবিজেপিৰ সৈতে জড়িত৷ এই দাবী কৰিছে আম আদমী পাৰ্টীয়ে৷ ৰাজধানীৰ ৰাজপথৰ গাড়ীৰে চোচোৰাই নি যুৱতীক হত্যা কৰা হয়৷ এগৰাকী বিজেপি সদস্য জড়িত বুলি আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে। চুলতানপুৰীত সংঘটিত আচৰিত ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি আপৰ মুখ্য মুখপাত্ৰ সৌৰভ ভৰদ্বাজে কয় যে ঘটনাৰ পাছত গ্ৰেপ্তাৰ কৰা পাঁচজন অভিযুক্তৰ ভিতৰত মনোজ মিত্তাল এজন বিজেপি সদস্য৷ লেফটেনেণ্ট গভৰ্ণৰ বিনাই কুমাৰ চাক্সেনা আৰু দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলক ইচ্ছাকৃতভাৱে এই তথ্য গোপন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

মঙ্গোলপুৰী আৰক্ষী থানাৰ ফটো শ্বেয়াৰ কৰি আপ নেতা ভৰদ্বাজে কয় যে আৰক্ষী থানাৰ ঠিক কাষতে এটা হৰ্ডিং আছে৷ য’ত মিত্তালৰ ফটো আছে আৰু বিজেপিৰ সদস্য হিচাপে চিনাক্ত কৰিছে।

অঞ্জলি সিং নামৰ যুৱতীগৰাকী উত্তৰ-পশ্চিম দিল্লীৰ অমন বিহাৰৰ বাসিন্দা আছিল। নিশা ৫গৰাকী লোকে গাড়ীৰে প্ৰায় ১২ কিলোমিটাৰ এলেকা চোচোৰাই নি হত্যা কৰে৷ কাপোৰবোৰ সম্পূৰ্ণৰূপে ছিঙি গৈছিল৷ শৰীৰ উলংগ হৈ আছিল।