৫১ বছৰত পিতৃ হ’ল ভোজপুৰী চিনেমাৰ চুপাৰষ্টাৰ-সাংসদ মনোজ তিৱাৰী
ভোজপুৰী অভিনেতা ৫১ বছৰীয়া মনোজ তিৱাৰীৰ ঘৰলৈ আহিল আন এগৰাকী কন্যা সন্তান৷ ভোজপুৰী চিনেমাৰ চুপাৰষ্টাৰ গায়ক, অভিনেতা আৰু বিজেপি সাংসদ মনোজ তিৱাৰীৰ ঘৰত আহিছে নতুন আলহী। অভিনেতাজনৰ পত্নী সুৰভি তিৱাৰীয়ে ১২ ডিচেম্বৰত কন্যা সন্তানৰ জন্ম দিছে। মনোজ তিৱাৰীয়ে সামাজিক মাধ্যম যোগে অনুৰাগীসকলক দিয়ে এই খবৰ।
কন্যাক দেৱী সৰস্বতীৰ অৱতাৰ হিচাপে বৰ্ণনা কৰে মনোজ তিৱাৰীয়ে৷ পত্নীৰ সৈতে চিকিৎসালয়ৰ পৰা প্ৰথমখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কন্যাৰ আগমনত আনন্দ প্ৰকাশ কৰি এটা মৰমলগা পোষ্টও লিখিছে। অভিনেতাজনক ৫১ বছৰ বয়সত পিতৃ হোৱাৰ বাবে আৱেগিক দেখা যায়৷ তিৱাৰীয়ে কয় ‘‘লক্ষ্মীৰ পিছত সৰস্বতী মোৰ ঘৰত উপস্থিত হৈছে বুলি জনোৱাটো অতি আনন্দৰ বিষয়৷ আজি ঘৰত এজনী মৰমলগা সৰু কন্যাৰ জন্ম হৈছে। আপোনালোক সকলোৱে আশীৰ্বাদ দিয়ক। সুৰভি-মনোজ তিৱাৰী৷’’