Local, Vocal, Global

বাদ পৰিল মুকেশ অগ্নিহোত্ৰী, প্ৰতিভা সিংঃ হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু

হিমাচল প্ৰদেশত কংগ্ৰেছে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ফলাফলৰ পিছৰে পৰা মুখ্যমন্ত্ৰী সন্দৰ্ভত চৰ্চা অব্যাহত আছিল। ৰাজধানী চিমলাত দীঘলীয়া বৈঠকৰ পিছত সুখবিন্দৰ সিং সুখু হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। বিধায়িনী দলৰ বৈঠকত সকলোৰে সুখুৰ নামত মোহৰ লগায়৷

সুখবিন্দৰ সিং সুখুৱে দেওবাৰে পুৱা হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। মুকেশ অগ্নিহোত্ৰীয়ে হিমাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পূৰ্বে, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি প্ৰতিভা সিঙে মুখ্যমন্ত্ৰীৰ দৌৰত আছিল৷ কিন্তু শনিবাৰে আবেলি সুখবিন্দৰ সিং সুখুৰ নাম ঘোষণা কৰা হয়৷

৬৮ জনীয়া হিমাচল বিধানসভাত কংগ্ৰেছে ৪০ খন আসন লাভ কৰে৷ আনহাতে বিজেপিয়ে ২৫ খন আসন লাভ কৰিছে। ইয়াৰ উপৰিও, নিৰ্দলীয় সকলে 3 খন আসন লাভ কৰিছিল। কংগ্ৰেছে হিমাচলৰ নিৰ্বাচনৰ পূৰ্বে কোনো নেতাৰ নাম মুখ্যমন্ত্ৰী পদবীৰ বাবে ঘোষণা কৰা নাছিল। কিন্তু আজি এতিয়া সুখবিন্দৰ সিং সুখু হিমাচলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কৰা হয়।

হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ বহুত জল্পনা-কল্পনা চলি আছিল। সুখবিন্দৰ সিং সুখু, প্ৰতিভা সিং আৰু মুকেশ অগ্নিহোত্ৰীৰ নামত চৰ্চাত আছিল৷ ৮ ডিচেম্বৰত ফলাফল প্ৰকাশ হোৱাৰ পিছৰে পৰা চৰ্চাত তিনিটা নাম আছিল মুখ্যমন্ত্ৰীৰ শীৰ্ষ তালিকাত।

সুখবিন্দৰ সিং সুখু কোন? সুখবিন্দৰ সিং সুখুৱে হিমাচল প্ৰদেশৰ নাদাউন বিধানসভা আসনৰ পৰা নিৰ্বাচনত জয়ী হৈছে। তেওঁ বিজেপিৰ বিজয় কুমাৰক ৩,৩৬৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ বাবে সুখু আগশাৰীৰ খেলুৱৈ আছিল। সুখবিন্দৰ সিঙে ৫০.৮৮ শতাংশ ভোটৰ সৈতে ৩৬,১৪২ টা ভোট লাভ কৰিছিল আৰু বিজেপিৰ বিজয় কুমাৰে ৪৬.১৪ শতাংশ ভোটৰ সৈতে ৩২,৭৭৯টা ভোট লাভ কৰিছিল। একে সময়তে, আম আদমী পাৰ্টিৰ প্ৰাৰ্থী শংকি থুকৰালে মাত্ৰ ১,৪৮৭টা ভোট লাভ কৰিব পাৰিছিল।

সুখবিন্দৰ সিং সুখুক ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় বীৰভদ্ৰ সিঙৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল। ২০২২ চনৰ বিধানসভা নিৰ্বাচনত সুখু কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ মুৰব্বীও আছিল। সুখবিন্দৰ সুখুৱে এতিয়ালৈকে ৫ বাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ যাৰ ভিতৰত তেওঁ ৪টা নিৰ্বাচনত জয়ী হৈছে। তেওঁ প্ৰথমবাৰৰ বাবে ২০০৩ চনত নাউডান বিধানসভা আসনৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত, সুখুৱে ২০০৭, ২০১৭ৰ নিৰ্বাচনত জয়ী হৈছিল। তেওঁ ২০১৩ চনত হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতিও আছিল।