নিশা প্ৰেমিকাক লগ ধৰিবলৈ অহা প্ৰেমিকক চোৰ বুলি সন্দেহ কৰি প্ৰহাৰ
উত্তৰ প্ৰদেশৰ বান্দাত প্ৰেমিকক চোৰ বুলি সন্দেহ কৰি বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ বান্দাৰ ২০ বছৰীয়া যুৱকে ৰাতি গোপনে প্ৰেমিকাৰ ঘৰলৈ আহিছিল। প্ৰেমিকাৰ পিতৃ আৰু ভাতৃয়ে প্ৰেমিকক দেখি চোৰ বুলি আবদ্ধ কৰে৷ আবদ্ধ কৰি বৰ্বৰভাৱে প্ৰহাৰ কৰে। চিৰ-বাখৰ শুনি চাৰিওফালৰ লোক একত্ৰিত হয়৷ তাৰ পাছত গণ প্ৰহাৰ আৰম্ভ হয়৷ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছিল প্ৰেমিক৷
যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰেমিক-প্ৰেমিকাৰ এটা ঘড়ীক লৈ সংঘাত লাগিছিল। ঘড়ীটো যুৱতীৰ তাত আছিল৷ যুৱতীয়ে ঘৰত অভিভাৱক নথকাত ঘৰলৈ আহিব নালাগে বুলি বাৰে বাৰে বাধা দিছিল৷ যুৱকজনক পুৱা আহি ঘড়ীটো লৈ যাবলৈ কৈছিল৷ যুৱকজনে নিশাই প্ৰেমিকাৰ ঘৰত উপস্থিত হোৱাৰ পৰিয়ালে প্ৰহাৰ কৰে৷