দুবছৰে নিৰুদ্দেশ ৰিদীপ ৰাজবংশী! পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ
নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত দাহুদীৰ এজন যুৱক বিগত প্ৰায় দুবছৰে সন্ধানহীন হৈ আছে। পশ্চিম নলবাৰীৰ দাহুদীৰ অৱসৰপ্ৰাপ্ত শিক্ষক সনাতন ৰাজবংশী আৰু লেখিকা যমুনা বৰ্মন ৰাজবংশীৰ পুত্ৰ ৰিদীপ ৰাজবংশী বিগত প্ৰায় দুবছৰে ৰহস্যজনক ভাৱে নিখোজ হৈ থকাত আত্মীয়ৰ লগতে অঞ্চলবাসী উদ্বিগ্ন হৈ পৰিছে। চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ৰিদীপে বাংগালোৰত এম-বি-এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি এটি ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিছিল।
ক’ভিদ সৃষ্ট পৰিস্থিতিৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিছতে কোম্পানী বন্ধ হোৱাত নিজ গৃহ দাহুদীলৈ উভতি আহে ৰিদীপ। পিছত পৰিস্থিতি কিছু উন্নত হোৱাত কৰ্মসংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কোনো শুংসুত্ৰ নাই ৰিদীপৰ। পিতৃ সনাতন ৰাজবংশী, মাতৃ যমুনা বৰ্মন ৰাজবংশী আৰু আত্মীয়সকলে বিভিন্ন বিচাৰ-খোচাৰ কৰিও ৰিদীপৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। সন্তানক বিচাৰি এতিয়া দিশহাৰা হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ। নিখোজ যুৱকজনৰ সম্ভেদ পালে ৰিদীপৰ পিতৃৰ 9365539643 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।