Local, Vocal, Global

অৱশেষত জামিন পালে সঞ্জয় ৰাওতে

ডিজিটেল ডেস্কঃ বৃহষ্পতিবাৰে মুম্বাইৰ এখন বিশেষ আদালতে Patra Chawl Redevelopment Project-ত অবৈধ ধনৰ লেনদেন কৰাৰ অভিযোগত কাৰাবন্দী হৈ থকা মহাৰাষ্ট্ৰৰ শিৱসেনা সাংসদ সঞ্জয় ৰাওতৰ জামিন আৱেদন স্বীকাৰ কৰিলে। সঞ্জয় ৰাওতৰ জামিন আৱেদন স্বীকাৰ হোৱাৰ পাছতেই যেন কিছু পৰিমাণে সকাহ পাইছে শিৱসেনা প্ৰমুখ তথা প্ৰাক্তন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ বালাচাহেব থাকৰে। বৰ্তমানৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাত হোৱা বিসম্বাদৰ পৰিণতি স্বৰূপে উদ্ধৱ বালাচাহেব থাকৰেই হেৰুৱাব লগা হয় মুখ্যমন্ত্ৰী আসন। কেৱল ইমানেই নহয়, তেওঁৰ পিতৃ বালাচাহেব থাকৰেই জন্ম দিয়া মাৰাঠী মানুষৰ সংগঠন শিৱসেনাৰ নাম, শিৱসেনাৰ ঐতিহাসিক নিৰ্বাচনী প্ৰতীক ধনু-কাঁড় ব্যৱহাৰৰ অধিকাৰ পৰ্যন্ত হেৰুৱাই একপ্ৰকাৰ ৰাজনৈতিক অচলাৱস্থাৰ চিকাৰ হয় থাকৰে।

এনে জটিল ৰাজনৈতিক সংকটৰ সময়ত উদ্ধৱ থাকৰেক সংগ দি পুনৰ শক্তিশালী কৰাৰ ক্ষমতা মহাৰাষ্ট্ৰৰ অভিজ্ঞ ৰাজনেতা সঞ্জয় ৰাওতৰ আছিল, কিন্তু তেওঁ Prevention of Money Laundering Act (PMLA)ৰ অধীনত গ্ৰেপ্তাৰ হোৱাৰ পাছত প্ৰত্যক্ষ ৰাজনৈতিক ক্ষেত্ৰখনত থাকৰেক সহায় কৰিব পৰাটো সম্ভৱ নাছিল। কিন্তু এতিয়া আকৌ এবাৰ মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে দীঘলীয়া অভিজ্ঞতাৰে সমৃদ্ধ মাৰাঠা নেতা গৰাকী।

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট সন্দৰ্ভত অজ্ঞ নহয় অসমবাসীয়ো, কিয়নো মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সময়ত অসমত চলা ৰিজৰ্ট পলিটিক্স ৰাজনীতিৰ ভূ-ভা ৰখা মানুহে প্ৰত্যক্ষ কৰিছিল। এতিয়াও মহাৰাষ্ট্ৰৰ ৰাজনীতি সুস্থিৰ হোৱা নাই। চৰকাৰত থাকিও বিসম্বাদী একনাথ সিন্দেক মুখ্যমন্ত্ৰী পাতি নিজে উপ-মুখ্যমন্ত্ৰী পদতেই সন্তুষ্ট থাকিব লগীয়া হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰনবিচ। শাসকীয় বিজেপিৰ লগত একনাথ সিন্দে আৰু অন্য শিৱসেনাৰ বিসম্বাদী বিধায়ক থকাৰ বিপৰিতে উদ্ধৱ থাকৰেৰ গোটটোক এতিয়াও সমৰ্থন দিছে ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে।

শেহতীয়াকৈ ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ কাশ্মিৰ পাব লগীয়া ভাৰত জোড়ো যাত্ৰা গৈ পাইছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত ভাৰত যাত্ৰী সকলক ব্যাপক আদৰণি জনোৱা হয়। খোদ উদ্ধৱ থাকৰেৰ মুকলি সমৰ্থন আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত ভাৰত জোড়ো যাত্ৰা প্ৰৱেশ কৰাৰ সময়ত দেখা গৈছিল ৰাহুল গান্ধীৰ হাতত জোৰ, যি জোৰ বৰ্তমান উদ্ধৱ গোটক নিৰ্বাচন আয়োগে প্ৰদান কৰিছে। প্ৰথমে অন্ধেৰীত উদ্ধৱ গোটৰ সম্মুখত বিজেপিৰ আত্মঃ সমৰ্পন, তাৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হাতত উদ্ধৱ গোটৰ নিৰ্বাচনী প্ৰতীক জলন্ত মশ্বাল লৈ প্ৰৱেশ, এই ৰাজনৈতিক পৰিঘটনাই ধ্যান আকৰ্ষণ কৰিছে সকলোৰে।

জ্বলন্ত অগ্নিশিখা হাতত লৈ মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিলে ৰাহুল গান্ধীয়ে

সঞ্জয় ৰাওতৰ জামিন লাভ, কংগ্ৰেছৰ ভাৰত যাত্ৰাৰ মহাৰাষ্ট্ৰত প্ৰৱেশ, এই ঘটনাবোৰে কি পট পৰিৱৰ্তন আনিব মহাৰাষ্ট্ৰ তথা দেশৰ ৰাজনীতিত অনাগত দিনত সেয়া হ’ব লক্ষণীয়।

সপোন বৰাৰ প্ৰতিবেদন, MyNewsNE