নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব বলিউডৰ ড্ৰীমগাৰ্ল হেমা মালিনী, জানক সৱিশেষ…
ডিজেটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ড্ৰীম গাৰ্লখ্যাত হেমা মালিনীৰ অসম আগমণৰ বাতৰিক লৈ তীব্ৰ উছাহ দেখিবলৈ পোৱা গৈছে তেওঁৰ অনুৰাগী সকলৰ মাজত।
জানিব পৰা মতে, এইবাৰ ৰাসৰ বতৰতে অসমলৈ আহিব মোহময়ী অভিনেত্ৰী হেমা মালিনী।
১১ নৱেম্বৰত নলবাৰীত অনষ্ঠিত ৰাস মহোৎসৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে অসমৰ ৰাস তেওঁ উপভোগ কৰিব।
উল্লেখ্য যে, এইবাৰ ৭ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ আয়োজন কৰা হৈছে নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ।
এই মহোৎসৱতে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে ৰাস আয়োজক সমিতিৰ লগতে নলবাৰী বাসী।