এশ গৰু মাৰিলে বাঘৰো মৰণ
ডিজেটেল ডেস্কঃ এইবাৰ হাত দাঙিলে উচ্চপদস্থ বিষয়াই৷ নিজ আৱসাতে ঘোচ লৈ হাতে-লোটে ধৰা পৰিল কে.কে শৰ্মা নামৰ বিষয়াগৰাকী৷ উৎকোচ লৈ জালত পৰে ৰাজ্যৰ চৰকাৰৰ যুটীয়া সচিব কে.কে শৰ্মা। মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে এচিএছ কে.কে শৰ্মাক।
ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ নামত ৯০ হাজাৰ টকা উৎকোচ বিচৰাৰ অভিযোগ দিছিল এগৰাকী লোকে৷ অভিযোগৰ ভিত্তিত ধন লোৱাৰ সময়ত হাতে–লোটে ধৰে কে.কে শৰ্মাক৷ কে.কে শৰ্মাই ধন নিদিলে কাম নকৰে বুলি পূৰ্বৰ পৰা অভিযোগ উত্থাপন হৈ আহিছিল৷