Local, Vocal, Global

খহি পৰিল আন আৰু এটা নক্ষত্ৰ! নিপন গোস্বামীৰ পিছত চিৰবিদায় ল’লে নীলপৱন বৰুৱাই

ডিজিটেল ডেস্কঃ সহস্ৰজনৰ চকুত অশ্ৰুৰ বন্যা বোৱাই মৃত্যুৰ বাটেৰে গুচি গ’ল যশস্বী চিত্ৰ্শিল্পী নীলপৱন বৰুৱাও।

অসমীয়া চলচ্ছিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামীক হেৰুৱাই শোকস্তব্ধ হৈ পৰা ৰাজ্যবাসীৰ বাবে যেন আন এক দুখৰ বতৰা।

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাই।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা নীলপৱন বৰুৱাক ২২ ছেপ্টেম্বৰত জিএমচিএইছত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বৃহস্পতিবাৰে তেওঁক আইচিইউত ভৰ্তি কৰোৱা হয়।

হাস্পতালত চিকিৎসকৰ প্ৰচেষ্টাৰ পিছতে শুকুৰবাৰে বিয়লি ৩.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে দুৰ্দান্ত প্ৰেমিকৰূপে পৰিচিত চিত্ৰশিল্পী নীলপৱন বৰুৱাই।

অভিনেতা নিপন গোস্বামীক হেৰুওৱাৰ মাত্ৰ এদিন পিছতে প্ৰসিদ্ধ চিত্ৰশিল্পীগৰাকীকো হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী।