Local, Vocal, Global

ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ দেহাৱসান

নিউজ ডেস্ক: ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ দেহাৱসান৷ বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কালাম আৰু নাই৷ চাপৰৰ শালকোচা নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কালামে৷

সাহিত্যৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল শিক্ষক আবুল কালাম৷ প্ৰায় ১৪ খনকৈ গ্ৰন্থ ৰচনা কৰিছিল কালামে৷ সাহিত্যিকগৰাকীৰ মৃত্যুত বৰ্তমান অঞ্চলজুৰি শোকাকূলময় পৰিৱেশ৷ বিভিন্ন দল সংগঠনেও তেওঁৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰিছে৷

১৯৪৬চনত শালকোচা অঞ্চলৰ শ্ৰীগাম গাঁৱত জন্ম হৈছিল সাহিত্যিক আবুল কালাম৷ ছাত্ৰ বয়সৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছিল আবুল কালামে৷ শিলগাৰা হাইস্কুলত প্ৰধান শিক্ষক ৰূপে কৰ্মনিৰ্বাহ কৰিছিল আবুল কালামে৷