কামৰ বিনিময়ত টকা নিদি অৰুণাচলত অসমৰ শ্ৰমিকক বন্দী, অৱশেষত উদ্ধাৰ
নিউজ ডেস্ক: অৰুণাচলত বন্দী কৰি ৰখা অসমৰ শ্ৰমিক উদ্ধাৰৰ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ আৰক্ষীৰ দলে৷ অৰুণাচল আৰক্ষীৰ সহযোগত চৰাইদেউ আৰক্ষীয়ে উদ্ধাৰ কৰে শ্ৰমিকসকলক৷ পূব কামেং জিলাৰ সদৰ চহৰ পাছিঘাটত অসমৰ ১৪গৰাকীকৈ শ্ৰমিকক বন্দী কৰা হৈছিল৷ আটাইকেইগৰাকী অৰুণাচলৰ সীমান্তৱৰ্তী জিলা চৰাইদেউৰ৷ চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই ১৪ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লেঙীব শ্ৰমিককেইজনে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পূব কামেংৰ পাছিঘাটত কাম কৰিবলৈ গৈছিল৷ যোৱা ২৫ আগষ্টত পাছিঘাটলৈ গৈছিল শ্ৰমিককেইজনে৷ তাৰ পিছৰ পৰাই শ্ৰমিককেইজনক কৌশলেৰে বন্দী কৰি ৰাখিছিল চৰ্দাৰে তথা ঠিকাদাৰে৷ চৰাইদেউ জিলাৰ লেঙীবৰ শ্ৰমিককেইজনে চৰাইদেউ জিলাৰ মাইবেলাৰ চেলিম নামৰ ঠিকাদাৰে কামৰ বাবে নিছিল৷ শ্ৰমিককেইজনক পাছিঘাটত দীৰ্ঘদিন কামত খটুৱাই৷ কিন্তু কৌশলেৰে পাছিঘাটত শ্ৰমিকসকলক প্ৰাপ্য ধন আদায় নিদি বন্দী কৰে৷ এই সন্দৰ্ভত পৰিয়ালে চৰাইদেউ আৰক্ষীক অৱগত কৰাত চৰাইদেউ আৰক্ষীৰ এটা দলে পাছিঘাটত উপস্থিত হৈ অৰুণাচল আৰক্ষীৰ সহায়ত অভিযান চলাই শ্ৰমকিকেইজনক উদ্ধাৰ কৰে৷