অসমৰ ভিক্ষুক থাইলেণ্ডৰ লোকৰ বস্ত্ৰ প্ৰদান
নিউজ ডেস্ক: আহিনী পূৰ্ণিমাত বৰ্ষাব্ৰতৰ অন্ত হোৱাৰ পৰবৰ্তী সময়ত বৌদ্ধ ধৰ্মীলোকসকলে ভিক্ষুসকলক চীৱৰ দান কৰে৷ বৰ্ষাব্ৰতৰ সময়চোৱাত বৌদ্ধ ভিক্ষুসকল কঠিন ব্ৰতত থাকি উপাসক উপাসিকাক বুদ্ধৰ শিক্ষা প্ৰদান কৰে৷ ইয়াৰ প্ৰতিদানস্বৰূপে উপাসক-উপাসিকাই তথা সাধাৰণ ৰাইজে প্ৰতিবছৰে ভিক্ষুসকলক বস্ত্ৰ দান কৰে৷ চলাপথাৰ শ্যাম গাঁৱৰ দুয়োটা বৌদ্ধ বিহাৰৰ ভিক্ষুসকলকো সুদূৰ থাইলেণ্ডৰ ৫গৰাকী লোকে বস্ত্ৰ দান কৰাৰ লগতে দুপৰীয়াৰ আহাৰ দিয়ে৷ থাইলেণ্ডৰ ধৰ্মপ্ৰাণ ব্যক্তি ইচাৰা স্বনাবলৰ নেতৃত্বত অহা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দলে চলাপথাৰ শ্যাম গাঁৱলৈ আহি আনন্দিত হোৱা বুলি কোৱাৰ লগতে চলাপথাৰ শ্যাম গাঁৱৰ অতিথি আপ্যায়নৰ প্ৰশংসা কৰে৷ বৌদ্ধ বিহাৰ ভান্তে সকলেও অতিথিসকলক উপহাৰৰ লগতে আৰ্শীবাদ প্ৰদান কৰে৷ অতিথিসকলে গাঁৱৰ ৰাইজৰ লগত ভান্তেসকলৰ পৰা পঞ্চশীল গ্ৰহণ কৰাৰ লগতে গাঁওখনো পৰিভ্ৰমণ কৰে৷