শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি চিৰযুগমীয়া কৰাৰ প্ৰয়াস, স্মৃতিসৌধ মুকলি

নিউজ ডেস্ক: ব্ৰিটিছৰ বিৰুদ্ধে ৰণ হুংকাৰ দি স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা পালন কৰা বীৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ প্ৰয়াস কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে৷ স্বাধীনতা আন্দোলনৰ বীৰ অসমীয়াৰ আৱেগ শ্বহীদ কুশল কোঁৱৰ স্মৃতিত নিৰ্মিত সৌধ আজি মুকলি কৰা হয়৷ সৰুপথাৰ ৰে’ল ষ্টেচনৰ সমীপৰ শুকাননলাত নিৰ্মিত স্মৃতিসৌধ মুকলি কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে৷ কেইবাগৰাকী মুক্তিযোদ্ধাৰ লগতে বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সৌধ মুকলি কৰে বিধায়ক ফুকনে৷ উল্লেখযোগ্য যে, বৃটিছৰ সৈন্য কঢ়িওৱা ৰেল বগৰোৱাৰ অপৰাধত শ্বহীদ কুশঁল কোৱৰক ফাঁচী দিয়া হৈছিল৷ শুকাননলাৰ স্মৃতি সংৰক্ষিত কৰিবলৈ তথা কুশল কোঁৱৰৰ বিষয়ে বহলভাৱে ভৱিষ্যত প্ৰজন্মই জানিবলৈ শুকাননলাত স্মৃতিসৌধ নিৰ্মাণ কৰা হয়৷ বিধায়ক পুঁজিৰে নিৰ্মিত স্মৃতিসৌধ মুকলি কৰাৰ পাছতেই গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ সভাগৃহত অনুষ্ঠিত মুকলি সভাত এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়৷ কুশল কোঁৱৰ স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ ৰাজীৱ শইকীয়া নামৰ এগৰাকী ব্যক্তিয়ে ভুমিদান কৰে৷ ভাস্কৰ্য্য শিল্পী পংকজ শইকীয়াৰ হাতত প্ৰাণ পাই উঠা কুশল কোৱঁৰ স্মৃতিসৌধটোৱে নিশ্চিতভাৱে বীৰ সেনানীগৰাকীৰ স্মৃতি নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব৷ ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়া, মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা থাকে৷