Local, Vocal, Global

দুটা দিনেই উখল-মাখল, বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰিল মৰিগাঁও দিৱসৰ

নিউজ ডেস্ক: দুটা দিনেই উখল-মাখল মৰিগাঁও জিলা৷ জিলাখনৰ জাতি, বৰ্ণ, ভাষা, নিৰ্বিশেষ দুটা দিনেই আৱেগিকভাৱে একত্ৰিত হৈছে৷ কিয়নো জিলা প্ৰতিষ্ঠা দিৱস পালন কৰিছে মৰিগাঁও জিলাবাসীয়ে৷ ঐতিহ্য, পৰম্পৰাৰ চৰ্চা কৰা হৈছে৷ তাহানি তাহানি লগা কথাবোৰক স্মৰণ কৰিছে৷ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা মৰিগাঁও জিলা ১৯৮৯ চনৰ ১৪ অক্টোবৰত জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল। তেতিয়াৰে পৰি মৰিগাঁওবাসীয়ে ১৪ অক্টোবৰৰ দিনটো মৰিগাঁও জিলা দিৱস হিচাপে উদযাপন কৰি আহিছে। এইবেলি উপায়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত মৰিগাঁও জিলাৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণিল কাৰ্যসূচীৰে মৰিগঞা ৰাইজে জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে। শনিবাৰে মৰিগাঁও দিৱসৰ অন্তিম দিনৰ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখী৷ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা। ৰাজ্যপাল জগদীশ মুখীয়ে মৰিগাঁৱৰ যুৱ প্ৰজন্মক কৃষিত আত্মনিয়োগ কৰি মৰিগাঁৱৰ লগতে দেশৰ অৰ্থনীতি আগবঢ়াই নিয়াৰ আহ্বান জনায়৷ মৰিগাঁৱৰ যুৱ প্ৰজন্মই নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৰাজ্যপালগৰাকীয়ে৷ মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁৱ জিলাক এখন ভেঞ্চাৰ জিলাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এখন উন্নত জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি মন্তব্য প্ৰদান কৰে।