৫০ ঘণ্টা ধৰি নিৰুদ্দেশ গৌৰীপুৰৰ ১৭ বছৰীয়া ছাত্ৰ বিকি

নিউজ ডেস্ক: গৌৰীপুৰৰ বগৰীবাৰীৰ ছিষ্টি প্ৰথম খণ্ড গাঁৱৰ ১৭ বছৰীয়া যুৱক তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ টিপকাই কলেজৰ ১৭ বিকি মাৰাক নামৰ ছাত্ৰগৰাকী নিৰুদ্দেশ হৈ আছে৷ বিটিআৰৰ পৰ্বতঝোৰাৰ বগৰীবাৰীৰ ছিষ্টি প্ৰথম খণ্ড গাঁৱৰ সুধীৰ মাৰাকৰ ১৭ বছৰীয়া পুত্ৰ বিকি মাৰাক যোৱা ১৩ অক্টোবৰৰ পুৱা প্ৰায় ৮ বজাত কলেজলৈ বাইক লৈ ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে৷ কলেজৰ পৰা আলমগঞ্জৰ শুপাৰীঘাটত গৈছিল বুলি খবৰ পায় পৰিয়ালে৷ বিভিন্ন স্থানত খা-খবৰ লোৱাৰ পাছতে দুচকীয়া বাহনখন শুপাৰীঘাটত উদ্ধাৰ হয়৷ তেতিয়াৰ পৰা ছাত্ৰ মাৰাক উভতি নহাত পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে৷ বগৰীবাৰী আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে৷ কোনো লোকে ছাত্ৰজনৰ সম্ভেদ পালে পৰিয়ালৰ লোকে ৭৩৯৯৬১৬৯০৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷