Local, Vocal, Global

পাকিস্তান-বাংলাদেশ-নেপালতকৈ তলত ভাৰত, ‘বিশ্বগুৰু’ ভাৰতত বাঢ়িছে ভোকাতুৰৰ সংখ্যা

নিউজ ডেস্ক: বিজেপিয়ে ভাৰতক বিশ্ব গুৰু কৰিব খুজিছে৷ কিন্তু উন্নয়নৰ ক্ষেত্ৰত গোলকীয়ভাৱে তালিকাৰ শেষত স্থান লাভ কৰিব ধৰিছে৷ এইবাৰ হাংগাৰ ইণ্ডেক্সতো ভাৰতৰ স্থান অৱনমিত হৈছে৷ হাংগাৰ ইণ্ডেক্সৰ তথ্য মতে, ভাৰতৰ ভোকাতুৰৰ সংখ্যা বাঢ়িছে৷ ভাৰতৰ লক্ষ লক্ষ লোকে পেট পূৰাই খাবলৈ নোপোৱা হৈছে। বিমুদ্ৰাকৰণ, লকডাউনত অৰ্থিকভাৱে তচ-নচ হোৱা দেশত এতিয়া এসাজ ভাতৰ বাবে মানুহে হাকাৰ কৰিবলগীয়া হৈছে৷ হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান ১০৭ লৈ অৱনমিত হৈছে৷

বিগত বৰ্ষত ভাৰতৰ স্থান ১০১ত আছিল যদিও এইবাৰ সেই স্থানৰ পৰাও পিছলৈ গ’ল ভাৰত। আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান আওৰাই থকা বিজেপিৰ দিনত নিতৌ বাঢ়িছে ভোকাতুৰৰ সংখ্যা৷ মাত্ৰ এটা বছৰতে দেশত খাবলৈ নাপায় ছটফটাই থকা লোকৰ সংখ্যা বৃদ্ধিহে পাইছে। গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান এইবেলি পাকিস্তান, বাংলাদেশ, নেপালতকৈয়ো তলত আছে ভাৰত৷

বিশ্বৰ ১২১ খন দেশৰ গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ ২০২২-ত বিশ্বগুৰুৰ ভাৰতৰ স্থান ১০৭ সংখ্যক স্থানলৈ অৱনমিত হৈছে৷ ২০২১ চনত ভাৰতৰ স্থান আছিল ১০১। এইবেলিচীন, তুৰস্ক আৰু কুৱেইটকে ধৰি ১৭ খন দেশে বিশ্বব্যাপী ক্ষুধা সূচকত শীৰ্ষ স্থানত আছে। ভাৰতৰ স্থান পূৰ্বতকৈও অৱনমিত হোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত ২০১৪ চনৰে পৰা আমাৰ ক্ষুধা সূচকৰ দ্ৰুত অৱনতি ঘটিছে৷ প্ৰধানমন্ত্ৰীয়ে কেতিয়া পুষ্টিহীনতা, ভোক, আৰু শিশুসকলৰ অপচয়ৰ দৰে প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব নোৱাৰে বুলি কয় চিদাম্বৰমে।

২০২১ চনত ভাৰত বিশ্বৰ ১১৬ খন দেশৰ ভিতৰত ১০১ সংখ্যক স্থানত আছিল। এতিয়া তালিকাত ১২১ খন দেশৰ ভিতৰত ভাৰত ১০৭ সংখ্যক স্থানলৈ অৱনমিত হৈছে।