Local, Vocal, Global

১২ দিন ধৰি নিৰুদ্দেশ লামডিঙৰ ১৫ বছৰীয়া জিতেন চৌহান

নিউজ ডেস্ক: বিগত ১২ দিন ধৰি নিখোজ হৈ আছে লামডিঙৰ এগৰাকী কিশোৰ৷ নিজ সন্তানক বিচাৰি নাপায় হাহাকাৰ কৰিছে পৰিয়ালে৷ ১৫ বছৰীয়া কিশোৰ নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লামডিঙত৷ লামডিঙত ১নং সাধুকুটিৰ হাথিখুলি গাঁৱৰ জিতেন চৌহান নিৰুদ্দেশ হৈ আছে৷
সৰু এটা কথাক লৈ মাতৃয়ে মাৰধৰ কৰাত ঘৰৰ পৰা পলায়ন কৰে জিতেন চৌহানে। এতিয়া সন্তানক বিচাৰি মাতৃৰ হিয়াভাগি কান্দিছে৷
কান্দোনত ভাগি পৰিছে অসহায় মাতৃ৷ পৰিয়ালে লামডিং আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে৷