Local, Vocal, Global

জলপ্ৰলয়ৰ আশংকাঃ বিধায়ক বিনোদ হাজৰিকা অন্তৰ্ধান, খবৰ ল’লে বিৰোধী দলপতিয়ে

জলপ্ৰলয়ৰ কৱলত পৰিব পাৰে উজনিৰ ডিব্ৰুগড় চহৰ৷ যিকনো মুহূৰ্তত বৰলুইতৰ মথাউৰি ছিগি ডুব যাব পাৰে ডিব্ৰুগড় চহৰ৷ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো ৰক্ষা কৰিব পৰা ব্ৰহ্মপুত্ৰৰ মথাউৰি৷ শ-শ লোকে শ্ৰমদান কৰাৰ পাছতো খহনীয়া ৰক্ষা কৰিব পৰা নাই৷ ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰিছে ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী নগাঘূলী কছাৰীলাইন৷ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ ফলত মথাউৰি ছিগি নিয়াত বৃহৎ অংশ উন্মুক্ত হৈ পৰিব পাৰে। উন্মুক্ত এলেকাৰে পানী সোমাই জলপ্ৰলয়ৰ কৱলত পৰিব পাৰে ডিব্ৰুগড়৷ কিন্তু বিধায়ক নিৰুদ্দেশ৷ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা নিৰুদ্দেশ হৈ থকা বুলি ক’ব খোজে স্থানীয় ৰাইজে। ৰাইজৰ সৈতে যোগাযোগো বিচ্ছিন্ন হৈ আছে বিধায়কজনৰ।

ইয়াৰ মাজতে আজি আজি মাইজানত উপস্থিত হৈছে অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া। ৯ দিন ধৰি ডিব্ৰুগড় চহৰৰ উপকণ্ঠ মাইজান-নগাঘূলীত হৈ থকা ভয়াৱহ খহনীয়া পৰিদৰ্শন বিৰোধী দলৰ দলপতিজনৰ। ডিব্ৰুগড় সুৰক্ষা বান্ধৰ পৰা গৰাখহনীয়া পৰিদৰ্শন চৰকাৰক সমালোচনা কৰে বিৰোধী দলপতিয়ে। চৰকাৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে হাইৱে এক্সপ্ৰেছ নিৰ্মাণ কৰি বান অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু কাৰ্যক্ষেত্ৰত কোনো কাৰ্যকৰী ৰূপ নালাগে বুলি সমালোচনা কৰে। অসম বিধানসভাত বিৰোধীয়ে বান-গৰাখহনীয়া সমস্যাৰ কথা উত্থাপন কৰোতে মুখ্যমন্ত্ৰীয়ে বান-খহনীয়াই ৰাষ্ট্ৰীয় সমস্যা ঘোষণা হ’লে এক পইছা কেন্দ্ৰই নিদিয়ে বুলি কৈছিল। অতি শীঘ্ৰে অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল পঠাব লাগে। বিজেপি চৰকাৰৰ দিনত বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছে। কেন্দ্ৰৰ পৰা পুঁজিৰ আৱন্টন হ্ৰাস পাইছে। দুৰ্যোগ প্ৰশমন বিভাগৰ অধীনতো পুঁজি মোকলাই দিয়া নাই বিজেপি চৰকাৰে। অসমক অষ্টলক্ষ্মী ঘোষণা কৰিয়েই দায় সামৰিছে বিজেপিয়ে। বৰাক-ব্ৰহ্মপুত্ৰ খননৰ নামত বিয়াগোম দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি ৰাষ্ট্ৰীয় জলপথ-২ত এতিয়া আৰু একো কাম নহয় বুলি মন্তব্য কৰিছে। ব্ৰহ্মপুত্ৰ খনন সম্পূৰ্ণ মিছা কথা। অসমৰ শিক্ষা, স্বাস্থ্য খণ্ড পয়ালগা অৱস্থা। উৎসৱ পাৰ্বনতহে টকা খৰচ কৰে চৰকাৰে। য’ত খৰচ কৰিব লাগে তাত কৰা নাই চৰকাৰে। ইফালে পৰিদৰ্শনকালত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনো উপস্থিত থাকে।