Local, Vocal, Global

পৰিয়ালক নহয় শিল্পী স্বৰাজ কটকীকহে বৰ্জন কৰিছে জামুগুৰিহাটবাসীয়ে

নিউজ ডেস্ক,১৩ অক্টোবৰ : জামুগুৰিহাট আৰু চতিয়াবাসীৰ মাজত সামাজিক সংঘাত সৃষ্টি হ’ব পৰা বিতৰ্কিত মন্তব্য কৰি তথাকথিত শিল্পী স্বৰাজ কটকীক বৰ্জনৰ সিদ্ধান্ত বাহাল ৰাখিছে
জামুগুৰিহাটবাসীয়ে৷ দুয়ো অঞ্চলৰ ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰি উচটনিমূলক বক্তব্য দি বিভেদ সৃষ্টি কৰা জামুগুৰিহাটৰ সঙ্গীয়া চুকৰ স্বৰাজ কটকীৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে জামুগুৰিহাটবাসীয়ে৷ স্বৰাজ কটকীক স্বয়ম্ভু শিল্পী আখ্যা দি জামুগুৰিহাটৰ কুৰিৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে স্বৰাজ কটকীক সামাজিক ভাৱে বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনসমূহে সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰি দি স্বৰাজ কটকীৰ ঘৰখন আৰু তেওঁৰ পৰিয়ালৰ সদস্যক বৰ্জন কৰা নাই বুলি কয়৷ একমাত্ৰ স্বৰাজ কটকীক বৰ্জন কৰাৰ লগতে জামুগুৰিহাটৰ কোনো সামাজিক অনুষ্ঠানত তেওঁক জড়িত নকৰিবলৈ আহ্বান জনায়৷ আনহাতে এটি বৈদ্যুতিক মাধ্যমত একপক্ষীয়ভাৱে বাতৰি পৰিবেশন কৰি ৰাইজক বিভ্ৰান্ত কৰা বুলিও কয় অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনসমূহে৷