Local, Vocal, Global

ছিঃ ছিঃ, যুৱতীক পাৰ্টীলৈ নি ইমৰাণ-অচ্যিন্ত-প্ৰশান্ত-ৰাতুল-নিগনিয়ে এয়া কৰিলে কি?

নিউজ ডেস্ক,১৩ অক্টোবৰ : অসমত এতিয়া প্ৰতিদিনে সংঘটিত হ’ব ধৰিছে নাৰী নিৰ্যাতন, ধৰ্ষণ কাণ্ড৷ প্ৰতিনিয়ত অসুৰক্ষিত নাৰী৷ তাৰ মাজতে ৰাজ্যত পুনৰ সংঘটিত হৈছে গণ ধৰ্ষণ কাণ্ড৷ গণ ধৰ্ষণৰ বলি এগৰাকী অবলা নাৰী৷ শিৱসাগৰৰ গৌৰীসাগৰত গণ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে৷ ৫ লম্পটে দলৱদ্ধ ধৰ্ষণ কৰে এগৰাকী অসহায় মহিলাক গৌৰীসাগৰ ভটীয়াপাৰৰ লম্পট ৰাতুল দাস ঘৰত ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ গৌৰীসাগৰৰ ইমৰাণ হুছেইন ওৰফে মইনা, অচ্যিন্ত গায়ন, প্ৰশান্ত গায়ন আৰু ৰাতুল দাসক গ্ৰেপ্তাৰ কৰিছে যদিও নিগনি নামৰ লম্পটজন পলাতক৷ ইতিমধ্যে গৌৰীসাগৰ আৰক্ষীয়ে চাৰিটাকৈ লম্পটক গ্ৰেপ্তাৰ কৰিছে। এটা লম্পট পলায়ণ কৰিছে। যোৱা ১০ অক্টোবৰৰ নিশা সংঘটিত ঘটনা আজিহে পোহৰলৈ অহাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ ভাষ্য অনুসৰি গৌৰীসাগৰৰ ইমৰাণ হুছেইন ওৰফে মাইনা আৰু প্ৰশান্ত গায়নে ভুক্তভোগী মহিলাগৰাকীক ভটীয়াপাৰৰ ৰাতুল দাসৰ ঘৰলৈ পাৰ্টী খাবলৈ নিছিল। পাৰ্টীৰ অন্তত প্ৰথমে ঘৰৰ মালিক ৰাতুল দাসে অপকৰ্ম কৰে। গৌৰীসাগৰৰ ইমৰাণ হুছেইন ওৰফে মইনাই অপকৰ্ম কৰাৰ অন্তত অচ্যিন্ত গায়ন, প্ৰশান্ত গায়নে ধৰ্ষণ কৰে। অপকৰ্ম অসহায় মহিলাগৰাকীক ভটীয়াপাৰৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জাঁজী লৈ নি পথৰ কাষত পেলাই থৈ আহে৷
অসহায় মহিলাগৰাকীক জাঁজী দলংৰ সমীপৰ পৰা গৌৰীসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰক্ষীক মহিলাগৰাকীয়ে ধৰ্ষণ কৰা বুলি প্ৰকাশ কৰা পাছতে আজি অভিযান চলাই চাৰি লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।